Begin typing your search above and press return to search.

কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে যুঁজ দি থকা অভিনেত্ৰী সোনালী বেণ্ড্ৰৰ নতুন ৰূপ

কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে যুঁজ দি থকা অভিনেত্ৰী সোনালী বেণ্ড্ৰৰ নতুন ৰূপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 10:52 AM GMT

মোহময়ী অভিনেত্ৰীৰ লগতে পূৰ্বৰ "ইণ্ডিয়া বেষ্ট ড্ৰামেবাজ"ৰ বিচাৰক সোনালী বেণ্ড্ৰৰ কেঞ্চাৰ ৰোগৰ বিষয়ে আমি ইতিমধ্যো সকলোৱে জানো । এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে উচ্চ হাৰৰ কেঞ্চাৰ ৰোগৰ সৈতে যুদ্ধ কৰি আছে নিউয়ৰ্ক চহৰত । প্ৰথম অৱস্থাত তেওঁৰ এই বেমাৰৰ কথা শুনি তেওঁৰ অনুৰাগী সকলে বিশ্বাস কৰিব পৰা নাছিল,কিন্তু বৰ্তমান তেওঁ পূৰ্বৰ তুলনাত কিছু সুস্থ হৈ উঠা খবৰে তেওঁৰ আত্মীয়ৰ লগতে অনুৰাগী সকলে কিছু পৰিমানে সকাহ পাইছে । প্ৰাৰ্থনা আৰু ভিন্ন জনৰ আৰ্শীবাদ লগত লৈ অতি সাহসৰে কেঞ্চাৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিছে সোনালীয়ে । আৰু সঁচাকৈ ক'ব গ'লে ভৰষা তথা আশা কৰিব পাৰি যে অতি সোনকালে সোনালী শক্তিশালী আৰু সুস্থ ৰূপত থিয় দিবলৈ সক্ষম হ'ব । আনহাতে, সোনালীয়ে কিছুদিন পূৰ্বে নতুন এটি ৰূপত 'ওইগ' পৰিধান কৰা আৱেগিক পোষ্ট এটি শ্ৰেয়াৰ কৰিছিল ।

সুন্দৰী অভিনেত্ৰী গৰাকী বাহ্যিক আৰু আভ্যন্তৰীন ভাৱে দুয়ো দিশৰ পৰাই অতি সুন্দৰ দেখা হৈছে নতুন ৰূপত । নতুন 'ওইগ'ৰ সৈতে আৰু উৎসাহজনক হাঁহিৰ লগত লৈ ফটো শ্ৰেয়াৰ কৰিলে সোনালীয়ে । টুইটাৰ যোগাদি প্ৰকাশ কৰা ফটো খনৰ সৈতে সোনালীয়ে লিখিছে, ""Sometimes, in the most unlikely of circumstances, you meet the most amazing people... someone who meets you as a stranger but very quickly becomes a friend. One such person is #bokheehair, genius hairstylist and wigmaker... #SwitchOnTheSunshine ???"

https://twitter.com/iamsonalibendre/status/1054366573140557824?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1054366573140557824&ref_url=https://www.bollywoodlife.com/news-gossip/sonali-bendre-wears-a-new-look-and-a-big-smile-as-she-continues-to-fight-cancer-view-pics/

ইয়াৰ পূৰ্বে সোনালীয়ে প্ৰিয়ংকা চোপ্ৰাক কৃতজ্ঞতা স্বীকাৰ কৰিছিল প্ৰথমটি 'ওইগ' ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱাৰ বাবে । ইনষ্টাৰ জৰিয়তে প্ৰিয়ংকাক জনোৱা কৃতজ্ঞতাৰ পোষ্টত সোনালীয়ে লিখিছিল এইদৰে,"As part of the entertainment industry, you're always expected to look good... Maybe that has been ingrained in me? But then I gave it a thought and I realized I like looking good for me. If I'm in the mood to wear a scarf, I will. If I want to walk around bald and free, I will. Only you know what would make you feel good, and what works best for you. So take every opportunity you can to #SwitchOnTheSunshine. #OneDayAtATime?? Thank you @priyankachopra for connecting me with the amazing @bokheehair, who created my new look."

https://www.instagram.com/p/BnVYAYAFNgc/?utm_source=ig_embed&utm_campaign=embed_loading_state_control

Next Story
চাকৰি