কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ সিদ্ধান্তক প্ৰসহন আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ

সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে। অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰণৰ বাবে গঠন হোৱা উচ্চস্তৰীয় সমিতিখন আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰিবৰ বাবে গ্ৰহণ কৰা এক চমকৰ বাবে আন একো নহয় বুলি সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ কৰিছে। অসমত ছয় বছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ নেতৃত্ব বহন কৰি অসমচুক্তি স্বাক্ষৰ কৰা সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে বিয়লি কয় যে কেন্দ্ৰই উচ্চস্তৰীয় সমিতি গঠন কৰি দি অসমৰ জনসাধৰণক সান্তনা প্ৰদান কৰিব বিছাৰিছে। কেন্দ্ৰই সংসদৰ শীত কালীন অধিবেশনত গৃহীত কৰিব বিছৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত ৰাইজৰ প্ৰতিবাদ আৰু ক্ষোভৰ মুখামুখি হৈছে।
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চেণ্টিনেলৰ আগত কয় যে যিহেতু সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি স্বাক্ষৰ কৰিছিল সেয়েহে কেন্দ্ৰীয় কেবিনেটে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে চুক্তিৰ ৬ নং দফা সন্দৰ্ভত কোনো সিদ্ধান্ত গোপনে লব নোৱাৰিব। বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত লোৱা সিদ্ধান্তত কোনো ধৰণৰ নতুনত্ব নাই বুলি উল্লেখ কৰে আছুৰ মূখ্য উপদেষ্টা গৰাকীয়ে। ভট্টাচাৰ্য্যই কয় যে ২০০০ চনতো কেন্দ্ৰই গৃহ মন্ত্ৰী জি কে পিলানীক সচিৱ হিচাপে লৈ এখন উপ সমিতি গঠন কৰি দিছিল অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে। পিলানী উপসমিতিয়ে বিধান সভা আৰু অন্যান্য সমিতি সমূহত অসমৰ জনসাধাৰণৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ ওপৰত কিছু কাম কৰিছিল। উপ-সমিতিখনৰ আবেদন সমূহ অসম বিধান সভাৰ মজিয়াতো আলোচনা কৰা হৈছিল, ভট্টাচাৰ্যই কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে যদিহে সচাঁকৈ অসম চুক্তিৰ ৬ নং দফাক কাৰ্য্যকৰী কৰাৰ বাবে আগ্ৰহী তেনেহলে তেওঁলোকে উপসমিতিখনৰ সিদ্ধান্তক কাৰ্য্যকৰী কৰাত গুৰুত্ব দিয়ক। আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে কেবল সমিতিৰ ওপৰত সমিতি গঠন কৰি থাকিলে একো লাভ নহয়। ২০০৭ চনত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকৰো কোনো ধৰণৰ দাবী কাৰ্য্যকৰীকৰণ কৰা নহল বুলি ভট্টাচাৰ্য্যই মন্তব্য কৰে।
অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় হ'ল মুখ্য সংস্থা কিন্তু বিগত চাৰে চাৰি বছৰত আমি বহু দাবী কৰাৰ পিছতো গৃহ মন্ত্ৰালয়ৰ অসম চুক্তিৰ ৬ নং দফাৰ বিষয়ে ভাবিবলৈ সময় নহল কিন্তু লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত চৰকাৰৰ অসম চুক্তিলৈ মনত পৰিছে। অসমীয়া ৰাইজে চৰকাৰৰ এই প্ৰতাৰণা ভালকৈ বুজি পাইছে বুলিও সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা গৰাকীয়ে মত প্ৰকাশ কৰে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি