Begin typing your search above and press return to search.

কেন্দ্ৰীয় চৰকাৰৰ উপহাৰে অসমৰ জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

কেন্দ্ৰীয় চৰকাৰৰ উপহাৰে অসমৰ জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 6:29 AM GMT

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থৰ লগতে ৰাজ্যখনৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰা প্ৰসংগ হৈছে অসমৰ এক ঐতিহাসিক পদক্ষেপ। অসমৰ থলুৱা জনসাধাৰণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ উপহাৰ ৷ লগতে এই উপহাৰে অসমৰ জনসাধাৰণৰ ভৱিষ্যতক সুৰক্ষিত কৰাত সহায় কৰিব৷ এক বিবৃতি যোগে এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত হোৱা এই বৈঠকখনত কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তই বিগত ৩৫ বছৰে উপক্ষিত হৈ ৰোৱা খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাত এক পদক্ষেপ গ্ৰহণ কৰিলে বুল মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে । লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ কাৰণে এখন উচ্চস্তৰীয় কমিটি গঠনৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ কাৰণে অসম বিধানসভা ,স্থানীয় নিকায়ৰ লগতে অসম চৰকাৰৰ চাকৰিত থলুৱাৰ কাৰণে আসন সংৰক্ষণ হোৱাৰ বাট মুকলি কৰিলে ৷

ইয়াৰোপৰি স্থানীয় ভূমি নীতি আৰু ভূমি আইন প্ৰণয়ন কৰাৰ লগতে জাতি জনগোষ্ঠীৰ ৰীতি নীতি,পৰম্পৰা আৰু ভাষা খিলঞ্জীয়াৰ কৃষ্টি আৰু জাতি,মাটি আৰু ভেঁটি ৰক্ষা কৰিব ৷ ইফালে অসম চুক্তিৰ প্ৰসংগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, অসমীয়াকে ধৰি অন্যান্য স্থানীয় লোকসকলৰ ভাষা, সংস্কৃতি,কৃষ্টি ৰক্ষাৰ কাৰণে গ্ৰহণ কৰা সিদ্ধান্তই অসম চুক্তিক ৰুপায়নৰ পথ প্ৰশস্ত কৰিলে ।

ইফালে ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তিক অধিক ফলপ্ৰসু কৰিবৰ কাৰণে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তই বি টি এডিৰ আৰ্থ সামাজিক উন্নয়নকে ধৰি অন্যান্য বহু দিশত প্ৰভাৱ পেলাব বুলি কয় মুখ্য মন্ত্ৰী সোনোৱালে ৷লগতে বড়ো সকলৰ "আৰনাই"নামেৰে এক বিশেষ ৰেলসেৱা মুকলি,বড়ো সংগ্ৰাহলয়,বড়ো কৃষ্টি কেন্দ্ৰ নিৰ্মাণ,কোকৰাঝাৰস্থিত দূৰদৰ্শন কেন্দ্ৰৰ লগতে অনাঁতাৰ কেন্দ্ৰৰ আধুনিকীকৰণৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি