Begin typing your search above and press return to search.

কেন্দ্ৰীয় বিদ্যালয়ত মাতৃভাষাৰ শিক্ষণৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ

কেন্দ্ৰীয় বিদ্যালয়ত মাতৃভাষাৰ শিক্ষণৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 11:39 AM GMT

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষণৰ ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে অসম সাহিত্য সভাই। কেন্দ্ৰীয় বিদ্যালয় সংগঠনে সদ্যহতে দেশখনৰ কেন্দ্ৰীয় বিদ্যালয়সমূহলৈ জাৰি কৰা অধিসূচনাযোগে অসমীয়া ভাষা আৰু অন্যান্য খিলঞ্জীয়া ভাষা শিক্ষাৰ বিৰুদ্ধে লোৱা পদক্ষেপক তীব্ৰ প্ৰতিবাদ জনাই অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ আজি গুৱাহাটীৰ কাৰ্যালয়ত হোৱা এক সংবাদমেলত সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে কেন্দ্ৰীয় বিদ্যালয়ৰ এই অধিসূচনাই দেশখনৰ বিভিন্ন ঠাইৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত শিক্ষাৰত ছাত্ৰ ছাত্ৰীক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিব বুলি মত প্ৰকাশ কৰে ৷ সভাত গুৱাহাটী কেন্দ্ৰীয় বিদ্যালয়ৰ সংগঠনৰ উপ আয়ুক্ত শ্ৰী চন্দ্ৰদীপ নিলাপে কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয় ৷ লগতে প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে মন্তব্য দাঙি ধৰে ৷

কেন্দ্ৰীয় বিদ্যালয় সংগঠন তথা বিভাগা উচ্চ পদস্থ বিষয়াসকলৰ তত্ত্বাৱধনাত তৈয়াৰ কৰা নিয়ম অনুসৰি কেন্দ্ৰীয় বিদ্যালয়ত ১৫ জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে যদি মাতৃভাষা শিকিব বা পঢ়িব বিচাৰে তেন্তে সেই ছাত্ৰ ছাত্ৰীসমূহক মাতৃভাষা শিকোৱা হয়৷ অসমত বিভিন্ন ভাষাৰ লোক আছে ৷ অসমীয়া,বাংলা,বড়ো আদি ভাষাৰ ছাত্ৰ ছাত্ৰীসকলক ঠিকা ভিত্তীক শিক্ষক শিক্ষয়ত্ৰীৰ দ্বাৰা মাতৃভাষা শিকোৱা হৈছে। গুৱাহাটীৰ ক্ষেত্ৰৰ লগতে কেন্দ্ৰীয় বিদ্যালয়ত ৩৫০০০ ছাত্ৰ ছাত্ৰী আছে ৷ ইয়াৰে প্ৰায় ৩০০০ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ভাষা শিকি আছে ৷

এই মন্তব্য কেন্দ্ৰীয় বিদ্যালয়ৰ সংগঠনৰ উপ আয়ুক্ত শ্ৰী চন্দ্ৰদীপ নিলাপ। অন্যহাতে কেন্দ্ৰীয় বিদ্যালয়ৰ চিলেবাছত অসমীয়া ভাষা অন্তৰ্ভূক্তিকৰণ সন্দৰ্ভত চন্দ্ৰদীপ নিলাপে মন্তব্য কৰে যে যদি অসম সাহিত্য সভাই মাতৃভাষাক প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেনীলৈ বিছাৰে তেন্তে এই প্ৰক্ৰিয়াটো হ’ব পলিছি মেটাৰ ৷ কাৰণ ইয়াৰ কাৰণ বিভাগটোৰ পদৰ আৱশ্যক। লগতে এই সমগ্ৰ বিষয়টো বিভাগীয় কৰ্তৃপক্ষই অৱগত কৰিম বুলিও আশ্বাস দিয়ে ৷

উল্লেখ্য যে সভাখনত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিভাগীয় বিষয়াসকল আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ লগতে ৰাজ্য সভাৰ সাংসদ সমূহৰো হস্তক্ষেপ বিছাৰিছে অসম সাহিত্য সভাই ৷ অন্যহাতে বিয়লি পাঁচ বজাৰ পিছত কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমত ভাষাটো অন্তভুক্ত কৰাৰ বিপৰীতে ২ বা তিনিবজাৰ ভিতৰত পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান কৰে ৷লগতে অসমীয়া ভাষাত কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমত বাধ্যতামূলক কৰিবলৈ কেন্দ্ৰৰ দৃষ্টিগোচৰ কৰিব বুলি কয় পৰমানন্দ ৰাজবংশীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি