কেন্দ্ৰীয় সেৱাবাহিনীৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

কেন্দ্ৰীয় সেৱাবাহিনীৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি
Published on

যুৱ সমাজৰ মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশৰ উদ্দেশ্য আগত ৰাখি আজিৰ পৰা ২২ বৰ্ষ আগতেই ছিপাঝাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই জন্ম দিয়া যুৱ সংগঠন কেন্দ্ৰীয় সেৱাবাহিনীৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস মহাধুমধামেৰে লখিমপুৰ নগৰত ৭আৰু ৮ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়।

কাৰ্য্যসূচী অনুসৰি ৭ অক্টোবৰ তাৰিখে সন্ধিয়া ৬ বজাত সাধাৰণ পৰিষদ অনুষ্ঠিত হয় জিলা পুথিভঁৰালত। পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা বাপে সঞ্চালনা কৰা পৰিষদৰ সভাখনি উদ্ধোধন কৰে মুখ্য অধিনায়ক শঙ্কৰ শইকীয়াই। সভাত বক্তব্য প্ৰদান কৰে উপমুখ্য অধিনায়ক তপন কুমাৰ ৰায় আৰু সচিব অচ্যুতকৃষ্ণ কলিতাই।

৮ অক্টোবৰ তাৰিখে পুৱা নাম প্ৰসঙ্গৰ পাছতেই পুৱা ৯ বজাত পতাকা উত্তোলন কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা বাপে। পতাকা উত্তোলন কৰি দিয়া ভাষণত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা বাপে যুৱ সমাজক আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজ গঠনৰ বাবে আগুৱাই যাবলৈ আহ্বান জনায়। ১১.৩০ বজাত 'আজিৰ বিজ্ঞানৰ সমাজ ব্যৱস্থাত শঙ্কৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতা আৰু যুৱ সমাজ' 'শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা বাপে সঞ্চালনা কৰা সভাখনি উদ্ধোধন কৰে যুটীয়া সম্পাদক ভৱ কান্ত দত্তই । আলোচনা চক্ৰ খনিত আলোচক হিচাপে অংশগ্ৰহণ কৰে সাহিত্য শাখাৰ সম্পাদক মৃনাল কুমাৰ বৰুৱাই। কেন্দ্ৰীয় সেৱাবাহিনীৰ হেজাৰোধিক সেৱক সেৱিকাই অংশ গ্ৰহণ কৰা প্ৰতিষ্ঠা দিৱসত ডা : নৱকৃষ্ণ ৰাজখোৱা, উপমুখ্য অধিনায়ক মনজিৎ দাস, জিলা শাখাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com