Begin typing your search above and press return to search.

কেন্সাৰ ৰোগক তীব্ৰ প্ৰত্যাহ্বান জনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাফল্য নিহাৰিকৰ হাতীবৰুৱাৰ

কেন্সাৰ ৰোগক তীব্ৰ প্ৰত্যাহ্বান জনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাফল্য নিহাৰিকৰ হাতীবৰুৱাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2019 10:14 AM GMT

কেন্সাৰ ৰোগক তীব্ৰ প্ৰত্যাহ্বান জনাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল নিহাৰিকা হাতীবৰুৱা ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ মেম’ৰিয়েল একাডেমীৰ নিহাৰিকা হাতীবৰুৱাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলাশাখাত ৭৯ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

নিহাৰিকাই অসমীয়াত বিষয়ত ৮০,ভূগোলত ৮০,সমাজ শাস্ত্ৰত ৮৫,ৰাজনীতি বিজ্ঞানত ৮৪ নম্বৰ লাভ কৰে । শিৱসাগৰ জিলাৰ দীক্ষু সমুদ্ৰ গাঁৱৰ প্ৰমোদ হাতীবৰুৱা আৰু দীপামণি হাতীবৰুৱাৰ জীয়ৰী নিহাৰিকা ৷ ২০০০ চনত এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম লাভ কৰা নিহাৰিকা ২০১৩ চনৰ পৰা কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে ৷

নিহাৰিকাক গুৱাহাটী মেডিকেল কলেজ আৰু বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত চিকিৎসা কৰোৱা হৈছিল। ২০১৫ চনত নিহাৰিকাক এক জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল ৷নিহাৰিকা এগৰাকী প্ৰচুৰ ইচ্ছাশক্তি আৰু উচ্ছাকাংক্ষা থকা যুৱতী৷ নিজৰ সকলো ৰোগক একাষৰীয়া কৰি ২০১৭ চনত দিক্ষু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল নিহাৰিকা ৷

ইয়াৰ পিছত নিহাৰিকাই চামগুৰিৰ নীলাক্ষী মেম’ৰিয়েল একাডমীত নামভৰ্তি কৰে । সম্প্ৰতি, নীলাক্ষী মেম’ৰিয়েল একাডেমীৰ শিক্ষক আৰু কৰ্মচাৰীসকলে নিহাৰিকাক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ সম্প্ৰতি নিহাৰিকাই শিৱসাগৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানক সন্মানীয় বিষয়ত হিছাপে লৈ অধ্যয়ন কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি