
কেৰেলাৰ বান পৰিস্থিতি আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰি ৰাজ্যখনক ৫০০ কোটিৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে।প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য্যসুচী সামৰি কেৰেলাত উপস্থিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ান, কেন্দ্ৰীয় মন্ত্ৰী কে জে এলফনচ আৰু অন্যান্য শীৰ্ষ বিষয়া সকলৰ লগত বৈঠকত মিলিত হৈ অৰ্থ সাহাৰ্য্য ঘোষনা কৰে।অৰ্থ খিনি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা লগতে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ অতিৰিক্ত ২ লাখকৈ আৰু গুৰুত্বৰভাৱে আহত সকললৈ ৫০,০০০ কৈ প্ৰদান কৰাৰ কথা প্ৰধানমন্ত্ৰী জনে জানিবলৈ দিয়ে।এতিয়া দেশৰ সকলোতকৈ ডাঙৰ সমস্যা হিচাপে পৰিগনিত হোৱা কেৰেলাত এতিয়ালৈ প্ৰায় ১০ লক্ষ লোক বেয়াকৈ ক্ষতিগষ্ঠ হৈছে।১২ জিলাত প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে সামৰিক বাহিনীয়ে বান পীড়িত সকলৰ উদ্ধাৰ কাৰ্য্য চলাই আছে।