কোকৰাঝাৰত অনুষ্ঠিত সপ্তম সংখ্যাক বাউখংগী উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰৰো অধিক লোকৰ সমাগম

কোকৰাঝাৰত অনুষ্ঠিত সপ্তম সংখ্যাক বাউখংগী উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰৰো অধিক লোকৰ সমাগম
Published on

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় হাজাৰৰো অধিক লোকে এই উৎসৱটিত ভিৰ কৰা পৰিলক্ষিত হৈছে । বাউখংগী উৎসৱটিত পৰম্পৰাগত খাদ্য, খেলৰ প্ৰতিযোগিতা, পৰ্বতাৰোহন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান লগতে বহুতো প্ৰতিযোগিতা আৰু অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বাউখংগী উৎসৱটি কোকৰাঝাৰ চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগত অৱস্থিত বিখ্যাত বাউখংগী পাহাৰত অনুষ্ঠিত হয় । অঞ্চলতো চক্ৰাশিলা বন্যপ্ৰানী অভয়াৰণ্যৰ অধিনত । বন্য প্ৰাণীৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য্যৰ সমাহাৰ এই অঞ্চলটো ।

হাজাৰৰো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে প্ৰত্যেক বছৰে সংক্ৰান্তি ৰ শেষৰ দিনা বাউখংগী পাহাৰ বগাই। বুৰঞ্জী প্ৰসিদ্ধ যে দাউখা ৰজাৰ ৰাজকুমাৰী দিপলাই প্ৰেমিক ৰাজকুমাৰৰ মৃত্যুৰ খবৰ পাই এই পাহাৰৰ পৰা জপিয়াই আত্ম হত্যা কৰিছিল । এই পাহাৰটো অতিক্ৰম কৰিলে মনৰ ইচ্ছা পুৰন হয় বুলি জন বিস্বাস আছে ।

বিটিচি প্ৰিঞ্চিপাল ছেক্ৰেটৰী বি চি ফুকন উৎসৱটি মুকলি কৰে । লগতে বিভিন্ন জনে বিভিন্ন প্ৰতিযোগিতা সমূহত মুকলি কৰে । বাউখংগী উৎসৱক লৈ উখল মাখল কোকৰাঝাৰৰ বাউখংগী পাহাৰ ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com