Begin typing your search above and press return to search.

কোকৰাঝাৰত ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক(আইপিপিবি) মুকলি

কোকৰাঝাৰত ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক(আইপিপিবি) মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2018 7:27 AM GMT

কোকৰাঝাৰ জিলাত নতুনকৈ মুকলি কৰা হয় ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক(আইপিপিবি)ৰ এটি শাখা।উদ্ধোধনী অনুষ্ঠান কোকৰাঝাৰ জিলাৰ কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।অনুষ্ঠান খনত গোৱালপাৰা,ধুবুৰী আৰু কোকৰাঝাৰ পোষ্ট অফিচৰ পৰিদৰ্শক ৰাতুল শৰ্মা,কোকৰাঝাৰ আৰক্ষী পৰিদৰ্শক ৰাজেন সিং আৰু বিটিচিৰ ইএম ৰাজীৱ ব্ৰহ্মা উপস্থিত থাকে।চৰকাৰে অতি সুন্দৰ পদক্ষেপ গ্ৰহন কৰা বুলি ৰাতুল শৰ্মাই জানিবলৈ দিয়ে।ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ লোক সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে ২০১৮ৰ বৰ্ষৰ ভিতৰত ১.৫৫ লাখ পোষ্ট অফিচ শাখা মুকলি কৰা হ'ব।গাঁও আৰু চহৰ অঞ্চলত ৩,০০,০০০ পোষ্ট মেন নিয়োগৰ ব্যৱস্থা কৰা হ'ব।এই সুন্দৰ পদক্ষেপে দেশত এক বৃহৎ বেংকিং নেটৱৰ্ক সৃষ্টি কৰিব।

Next Story
চাকৰি