
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উছাহৰ মাজতেই কোকৰাঝাৰত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎপৃষ্ঠ হৈ দুই যুৱকৰ কৰুণ মৃত্যু হোৱাত সম্প্ৰতি গাঁওখনত দীপাৱলীৰ আনন্দ উছাহ সম্পূৰ্ণৰূপে ম্লান হৈ পৰিছে । কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱক দুজন সৌমখৌৰ বসুমতাৰী(২৫) আৰু ৰাজু বসুমতাৰী(২০) বুলি জানিব পৰা গৈছে ।
কালি সন্ধিয়া ৬ মান বজাত বিদ্যুৎ সংযোগ কৰিবলৈ শ্ৰমিক দুজন বিদ্যুতৰ খূটাত উঠে । প্ৰাপ্ত বাতৰি অনুসৰি শ্ৰমিকদ্বয়ে বিদ্যুতৰ খূটাত উঠাৰ পূৰ্বে ঠিকাদাৰ সমৰ বসুমতাৰীৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন কৰা সন্দৰ্ভত নিশ্চিত হৈ লয় । বিদ্যুৎ সংযোগ কৰ্তনৰ নিশ্চিত তথ্য লাভ কৰি শ্ৰমিকদ্বয়ে খূটাত উঠি ত সংযোগ দিবলৈ লওঁতেই বিদ্যুত সৰবৰাহ হৈ থিতাতে মৃত্যুমুখত পৰে ।
উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠে আৰু ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে । বিদ্যুৎ বিভাগৰ কোনো লোক এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু ন্যায় নোপোৱালৈকে গাওঁৱাসীয়ে মৃতদেহ চমজি নলয় বুলি স্পষ্ট কৰি দিছে ।