কোকৰাঝাৰত বিদ্যুত কৰ্মী সকলৰ সুৰক্ষা সজাগতা সম্পৰ্কীয় বৈঠক

কোকৰাঝাৰত বিদ্যুত কৰ্মী সকলৰ সুৰক্ষা সজাগতা সম্পৰ্কীয় বৈঠক
Published on

ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাই অহা বিদ্যুৎ স্পৃষ্ট হৈ দুৰ্ঘটনাত পতিত হোৱা ঘটনাৰ প্ৰতি লক্ষ্যৰাখি কোকৰাঝাৰৰ এপিডিচিএল কাৰ্য্যলয়ত বিদ্যুৎ কৰ্মী আৰু স্থানীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে এক সুৰক্ষা সজাগতা সম্পৰ্কীয় কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্য্যসূচীৰ অংশস্বৰূপে সুৰক্ষাৰ বিভিন্ন দিশ সম্পৰ্কীয় এক প্ৰদৰ্শনীও কৰা হয়। কাৰ্য্যসূচীত এপিডিচিএলৰ মুখ্যকাৰ্য্যবাহী বিষয়া মুকুল পাটোৱাৰী, গ্ৰাম্য বৈদ্যুতিকৰণ বিষয়া নৱদ্বীপ ৰয় আৰু জিলা কাৰ্য্যবাহী বিষয়া চৰিফুল আলমে সজাগতা অভিযানত অংশলৈ সুৰক্ষা সম্পৰ্কীয় দিশ সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰে।

চলিত বৰ্ষত কোকৰাঝাৰ জিলাত নতুন বিদ্যুত সংযোগ দিবলৈ গৈ পাচ জন কৰ্মী বিদ্যুৎ স্পৃষ্ট হয়। ডিচেম্বৰৰ ১১ তাৰিখে এজন লোক বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু বৰণ কৰিব লগীয়া হয় আৰু ছয়জন লোক গুৰুতৰ ভাবে আহত হব লগা হয়। এই ঘটনা বিদ্যুত কৰ্মী সকলে কোকৰাঝাৰ জিলাৰ বটাৰমাৰী গাঁওত নতুন বিদ্যুত সংযোগ দিবলৈ যাওঁতে সংঘটিত হৈছিল। নবেম্বৰৰ ৬ তাৰিখেও অনুৰূপ ঘটনা সংঘটিত হৈ দুজন বৈদ্যুতিক কৰ্মী বিদ্যুৎ স্পৃষ্ট হৈছিল।অসমত বিদ্যুত কৰ্মী সকলৰ সুৰক্ষাৰ প্ৰতি বিভাগীয় কতৃপক্ষই অতি কম গুৰুত্ব প্ৰদান কৰি আহিছে, বহু সময়ত কৰ্মচাৰী সকলে উন্নত মানদণ্ডৰ আহিলা অবিহনেও কাম কৰিব লগা হয়।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com