কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্মৰ মনোনয়ন পত্ৰ দাখিল

বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ময়ে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে । বি পি এফৰ প্ৰাৰ্থী গৰাকীয়ে দিনৰ প্ৰায় ১১:০৬ বজাৰত মনোনয়ন পত্ৰ দাখিল কৰে। দলৰ সদস্যয়ে প্ৰকাশ কৰা মতে জ্যোতিষীৰ পৰামৰ্শ লৈয়ে সেই তাৰিখ আৰু সময়ত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰমীলা ৰানী ব্ৰহ্ময়ে ।
প্ৰমীলা ৰানী ব্ৰহ্ময়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বি পিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত আছিল ।
মনোনয়ন পত্ৰ দাখিল কৰি বি পি এফৰ প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কোকৰাঝাৰৰ পৰা তেওঁয়ে জয় হব আৰু জয় হৈ ৬ জনগোষ্ঠীক জনজাতি কৰনৰ মৰ্য্যদা প্ৰদানত সহায় কৰিব বুলি প্ৰকাশ কৰে।
লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰৰ পৰা বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ময়ে জয় হব বুলি প্ৰকাশ কৰে। জ্যোতিষীৰ লগত আলোচনা কৰি আমি মনোনয়ন পত্ৰ দাখিল কৰিছো বুলি প্ৰকাশ কৰে । প্ৰায় ৩ লাখ ভোটৰে জয় হব বুলি প্ৰকাশ কৰে । বিজেপি , অগপৰ লগত মিত্ৰজোট চৰকাৰে জয় হব বুলি প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ।
লগতে আজি নিৰ্দলীয় দলৰ প্ৰাৰ্থী নব কুমাৰ শৰনীয়া য়ে মনোনয়ন পত্ৰ দাখিল কৰে ।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি