কোড়ৰপতি বিনিতা জৈনৰ সাহস আৰু উদ্যমী প্ৰতিভা,সম্পূৰ্ন কাহিনীৰ আভাস

জনপ্ৰিয় টিভি অনুষ্ঠান তথা চনি চেনেলত সম্প্ৰসাৰিত হোৱা ৰিয়েলিটী অনুষ্ঠান লগতে বলীউদৰ বিগ বি অমিতাভ বচ্চনে আঁত ধৰা "কৌন বনেগা কোড়োৰপতি-১০"ত প্ৰতিযোগী তথা অংশ গ্ৰহন কৰা বিনিতা জৈনৰ কথা ইতিমধ্যে আমাৰ সকলো লোকৰ জ্ঞাত । তেওঁৰ বিষয়ে আমি প্ৰায় সকলো কথা নাজানো,কিন্তু আজি লেখা এই কথা খিনিৰ পৰা গম পাব পাৰিব যে বিনিতা জৈনৰ কোড়োৰপতি হোৱাৰ কষ্টৰ সাধনাৰ বিষয়ে । তেওঁ ১কোটি টকা জিকিবলৈ সক্ষম হোৱাৰ বাবে তেওঁৰ বিষয়ে যে জানিব লাগে ঠিক তেনেকুৱা নহয় । বিনিতা জৈন এনে এগৰাকী মহিলা যিয়ে বহু দুখ কষ্টৰ মাজেৰে সাহসৰে আগুৱাই আহি এই বিজয় ৰেখা ডাল চুবলৈ সক্ষম হৈছে । নিজৰ বুদ্ধি আৰু জ্ঞানৰ লগতে বিনিটাই ৩ টা লাইফ লাইনৰ ব্যৱহাৰ কৰি ১কোটি টকা পাবলৈ সক্ষম হয় ।
বিনিতা জৈনে এটা ক'চিং সংস্থাৰ শিক্ষয়ত্ৰী । সৰুৰ পৰাই পঢ়া-শুনাত মেধাৱী সম্পন্ন বিনিতা জৈন বহু কম বয়সতে বিবাহ পাশত আৱদ্ধ হ'বলগীয়া হোৱা বাবে কিছু কথাই তেওঁক তেওঁৰ জীৱনত আগবাঢ়ি যাবলৈ বাধাৰ সন্মুখীন কৰাইছিল । বিয়াৰ ৬ বছৰৰ ভিতৰতে তেওঁ দুগৰাকী সন্তানৰ মাক হ'ল । বহু ব্যস্ততাৰ অন্তত নিজৰ আগ্ৰহ আৰু পৰিয়ালৰ সগযোগিতাত বিনিতাই বিএ শিক্ষা সম্পূৰ্ন কৰে ।
সকলোবোৰ ঠিকে ঠিকে গতি কৰি আছিল,কিন্তু এদিন এটা এনেকুৱা ঘটনা ঘটিল যাৰ বাবে তেওঁৰ জীৱনটোৱে সলনি হৈ গল । তেওঁৰ স্বামী এগৰাকী ব্যৱসায়ী আছিল আৰু যাৰ বাবে তেওঁ প্ৰায় বাহিৰলৈ গৈ থাকিব লগা হৈছিল । ২০০৩ চনত তেওঁৰ স্বামী কামৰ বাবে ঘৰৰ পৰা গৈ আৰু পুনৰ ঘূৰি নাহিল আৰু পিছলে খবৰ পালে যে মাওবাদীয়ে তেওঁক অপহৰন কৰিলে । বহু সময়ৰ পিছত যেতিয়া বিনিতাই কোনো খবৰ নাপালে তেতিয়া বিনিতাই নিজৰ সাহসত নিজ সন্তানৰ ভৱিষ্যতকলৈ কিবা কৰাৰ পন ললে ।
তেওঁৰ ল'ৰা-ছোৱালী সৰু হৈ থকাৰ বাবে তেওঁ ঘৰৰ বাহিৰলৈ ওলাই গৈ কাম কৰাটোও তেওঁৰ বাবে জটিল আছিল ।সেয়ে তেওঁ পঢ়া-শুনাৰ জৰিয়তে ভৱিষৎতলৈ কিবা এটা কৰাৰ মনেৰে আগবাঢ়িলে । তেওঁ ঘৰতে টিউচন কৰাৰ ব্যৱস্থা কৰিলে । তেওঁ নিজ সন্তানক ভাল সংস্কাৰ প্ৰদান কৰাৰ লগতে পঢ়া-শুনা কৰিবৰ বাবে বাহিৰলৈ পঠোৱাৰ লগতে নিজেও দুটাকৈ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল ।
বিনিতাই বিশ্বাস কৰে যে মানুহৰ জীৱনত এনেধৰনৰ পৰিস্থিতি আহিলে ভগৱানে এনেকুৱা এক শক্তি প্ৰদান কৰে যে সেই সময়ৰ লগত আগবাঢ়ি যাবলৈ সক্ষম হয় ,আৰু মানুহে সদায় সময়ৰ লগত আগবাঢ়ি যাব লাগে ।
বিনিতাৰ কাহিনীভাগ এগৰাকী নাৰীৰ বাবে প্ৰেৰনাদায়ক ।যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ মানুহক এনেধৰনৰ সচাঁ কাহিনীয়ে সাহস দিয়ে ।