Begin typing your search above and press return to search.

ক্ষেত্ৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃ যি কোনো মুহুৰ্ততে হ’ব পাৰে দুৰ্ঘটনা

ক্ষেত্ৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃ যি কোনো মুহুৰ্ততে হ’ব পাৰে দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 7:33 AM GMT

চাৰি লেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰসংগ নতুন কথা নহয় ৷ বিশেষকৈ গুৱাহাটীৰ পৰা অলপ দুৰত্বত অৱস্থিত সোনাপুৰৰ ক্ষেত্ৰীত পথৰ এটি ভাগ চিগি যোৱাৰ কাৰণে যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ ক্ষেত্ৰীৰ আৰক্ষী থানাৰ সন্মুখত এখন ফ্লাই অভাৰ আছে। ফ্লাইঅভাৰৰ কাষত পথৰ এটা অংশ ভাগি গৈ গাঁতৰ সৃষ্টি কৰিছে ৷

এই বৃহৎ গাঁতটিতেই মটৰ চাইকেলকে আদি কৰি বিভিন্ন বাহনৰ দুৰ্ঘটনাৰ প্ৰধান কাৰণ হৈ পৰিছে ৷ ইফালে কিছু সংখ্যক লোকে সেই গাঁত সমূহত জাবৰ জোঁথৰ পেলাই নলা সমূহ আৱদ্ধ কৰিছে ৷ যাৰ কাৰণে পথৰটোত বাৰিষাৰ পানী আৱদ্ধ হৈ পৰে। ইয়াৰোপৰি এই পথটোত প্ৰায়ে দুৰ্ঘটনা হোৱাৰ তথ্য পোৱা যায়। কিন্তু নেশ্যনেল হাইৱে অৱ অথৰিটী অফ ইণ্ডিয়াই এই গাঁত অথবা নলা সমূহক ঠিক কৰাত কোনো পদক্ষেপ হাতত লোৱা নাই ৷

আনহাতে বাৰিষাৰ বৰষূণত সেই অঞ্চলটোৰ কাষৰ পাহাৰৰ পৰা অহা ৰঙা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোত যিকোনো মুহুৰ্ততে দুৰ্ঘটনা হ’ব পৰা এক বিশেষ পৰিস্থিতি কৰি তোলে ৷ অৱশ্যে এই সময়ত এনএইচএআইয়ে কেতিয়াবা এই ক্ষেত্ৰত পদক্ষেপ লোৱা দেখা যায় ৷ প্ৰকৃততে বাৰিষাৰ দিনত এনএইচএআইয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ নলয় ৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত থকা জিৰণি ঘৰসমূহৰ দুৰৱস্থা অত্যন্ত শোচনীয় ৷ গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয়,সেয়া হ’ব লক্ষ্যনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি