ক্ৰিকেটক চিৰবিদায় জনালে এলিষ্টিয়াৰ কুকে

ক্ৰিকেটক চিৰবিদায় জনালে এলিষ্টিয়াৰ কুকে
Published on

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলিষ্টিয়াৰ কুকে ক্ৰিকেট কেৰিয়াৰৰ অন্তিমটো ইনিংছত এক দৰ্শনীয় শতক উপহাৰ দিয়ে।এতিয়া তেওঁৰ সতীৰ্থ সকলে জয়েৰে বিদায় দিব বিচাৰিছে মহান খেলুৱৈ জনক।ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম তথা কুকৰ অন্তিম খন খেলত প্ৰথম ইংনিছতো অৰ্ধশতক কৰিছিল।৩৩ বছৰীয়া কুকে ১৬১ খন টেষ্টৰ ২৯১ ইনিংছত গড়ে ৪৫.৩৫ ৰানকৈ ১২,৪৭২ ৰান সংগ্ৰহ কৰে, যত ৩৩ টা শতক আৰু ৫৭ টা অৰ্ধশতক অৰ্জন কৰে।এই মহান খেলুৱৈ জনৰ অৱসৰৰ লগে লগে এটা যুগৰ অন্ত পৰিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com