Begin typing your search above and press return to search.

কৰিনা কাপুুৰ তথা বেব'ৰ ৩৮সংখ্যক জন্মদিন

কৰিনা কাপুুৰ তথা বেবৰ ৩৮সংখ্যক জন্মদিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2018 11:14 AM GMT

বলীউডৰ মোহময়ী অভিনেত্ৰী তথা শ্বেইফ আলী খানৰ দ্বিতীয় পত্নী বেব'ৰ আজিৰ ৩৮সংখ্যক জন্মদিন।১৯৮০চনৰ ২১ছেপ্তেম্বৰত জন্ম গ্ৰহন কৰে মুম্বাই,মহাৰাষ্ট্ৰত।কৰিনা কাপুৰৰ পিতৃ-মাতৃ হৈছে ৰন্ধীৰ কাপুৰ আৰু ববিতা কাপুৰ আৰু ডাঙৰ ভগ্নী হৈছে কৰিশ্মা কাপুৰ।

বিভিন্ন ধৰনৰ চৰিত্ৰত অভিনয় কৰি কৰিনাই ৬টাকৈ ফিল্মফেয়াৰ বটাঁ পাবলৈ সক্ষম হৈছে আৰু বলীউদৰ আটাইতকৈ নামী-দামী তাৰকা ৰূপে খ্যাত।

ৰিফিউজি(২০০০)ছবিৰ পৰা আৰম্ভ কৰি বুৰঞ্জী মুলক ছবি 'অশোকা',মেলোড্ৰামা তথা জনপ্ৰিয় ছবি 'কভী খুচী কভী গম' ,চামেলী ,ঔমকাৰা ,ওই আৰ ফেমিলি ,বজৰংগী ভাইজান,কুৰৱান ,হিৰইন ,তালাশ ,শেহতীয়াকৈ দেখিবলৈ পোৱা 'বীৰে দি ৱেডিং' আদি বহু ছবিত সুন্দৰ অভিনয়ৰে অভিনয় কৰি নিজকে এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে।

২০১২চনত বলীউডৰ অন্যতম চুপাৰ ষ্টাৰ শ্বেইফ আলী খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।ইয়াৰ লগতে এটি পুত্ৰ সন্তান(টাইমুৰ)ক জন্ম দিয়ে মোহময়ী নায়িকা গৰাকীয়ে।

শেষত,এইগৰাকী মোহময়ীৰ আজি ৩৮সংখ্যক জন্মদিন উপলক্ষে অশেষ শুভেচ্ছা জ্ঞাপন কৰ হ'ল।

Next Story
চাকৰি