Begin typing your search above and press return to search.

কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ গাঞ্জা 

কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ গাঞ্জা 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:52 AM GMT

কৰিমগঞ্জ জিলা আৰক্ষীয়ে ডিআৰআই আৰু চিআৰপিএফৰ সহযোগত অভিযান চলাই বদৰপুৰৰ এটা গোদামৰ পৰা জব্দ প্ৰায় ৫০০ কিলেগ্ৰাম গাঞ্জা | দুদিনৰ পূৰ্বে পাথাৰকান্দিত আটক হোৱা গাঞ্জা ব্যবসায়ী জিয়ায়ুল ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত বদৰপুৰত এই অভিযান চলোৱা হৈছিল।

দুদিন পূৰ্বে আৰক্ষীয়ে কৰিমগঞ্জৰ পাথাৰকান্দিত এটা ইয়ন গাড়ীৰ পৰা ৮৪ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে নাটকীয়ভাৱে আৰক্ষীয়ে ২ লক্ষ টকা সহ আটক কৰিছিল তিনিজনকৈ সৰবৰাহকাৰীক । আৰক্ষীয়ে গাঞ্জা জব্দ কৰাৰ অলপ পাছতেই বদৰপুৰৰ পৰা জিয়ায়ুল ৰহমান নামৰ ব্যক্তিয়ে পাথাৰাকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ফোনে বাৰ্তালাপ কৰি টকাৰ বিনিময়ে গাঞ্জাখিনি এৰি দিবলৈ কয় ।

আৰক্ষীয়েও মিছাকে মান্তি হোৱা বুলি কয় আৰু টকাৰ বিনিময়ত গাঞ্জাখিনি এৰি দিব। সেই অনুসৰি জিয়ায়ুল ৰহমান, মনছুৰ আহমদ আৰু ৰুহুল আহমদ নামৰ তিনিজন লোক দুই লক্ষ টকা লৈ পাথাৰকান্দি আৰক্ষী থানাত উপস্থিত হোৱাৰ লগে লগে টকাসহ তিনিওক আটক কৰে।সৰবৰাহকাৰী কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ অভিযানত প্ৰায় ৫০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

Next Story
চাকৰি