Begin typing your search above and press return to search.

কৰিশ্মাৰ পাছত কোনে যোগদান কৰিলে আলফাত

কৰিশ্মাৰ পাছত কোনে যোগদান কৰিলে আলফাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2018 12:44 PM GMT

তিনিচুকীয়া জিলাৰ লেখাপানী ফালেংগাঁৱৰ কৰিশ্মা মেচ নামৰ জাগুন হাইস্কুলৰ দশম মানৰ ছাত্ৰীগৰাকীয়ে নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফাত স্বাধীনত যোগদান কৰাৰ পাছতে কৰিশ্মাৰ চুবুৰীয়া চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজনে আলফাত (স্বা) যোগ দিয়াৰ বাতৰি পোহৰলৈ অহাৰ পাছতে সৰ্বত্তে আকৌ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজন কৰিশ্মাৰ চুবুৰীয়া বুলি জানিব পৰা গৈছে । কৰিশ্মাৰ পৰামৰ্শ অনুসৰিয়েই যুৱকজনে আলফা স্বাধীনত যোগদান কৰা বুলি তথ্য পোৱা গৈছে। একাংশ লোকে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই যুৱতীগৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলিও সন্দেহ কৰিছে ।

বিগত কিছু দিনৰ পৰা আলফা স্বাধীনৰ প্ৰতি যুৱক-যুৱতী সকল আকৰ্ষিত হোৱা দেখা গৈছে। ৰাজ্যখনৰ বিভিন্ন অংশত বহু সংখ্যক যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । দেৰগাঁৱৰ এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই আলফাত যোগ দিয়াৰ পাছত উদালগুৰি জিলাৰ কলাইগাঁৱৰ দুজন যুৱকে যোগদান কৰাৰ তথ্য পোৱা গৈছেল ।

Next Story