ব্ৰেকিং নিউজ
কৰুণানিধিৰ পুত্ৰ ষ্টেলিন ডি এম কেৰ সভাপতি নিৰ্বাচিত
তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডি এম কেৰ প্ৰতিস্থাপক প্ৰয়াত এম কৰুণানিধিৰ পুত্ৰ এম কে ষ্টেলিন ডি এম কেৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে।ডি এম কেৰ চেন্নাইস্থিত মুখ্য কাৰ্য্যালয়ত অনুস্থিত সাধাৰন সভাত ৫০০০ কৰ্মীৰ সন্মূখত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।ডি এম কেৰ মুখ্য সচিব ডুৰাই মুৰুগান কোক্ষাধক্ষ্য হিচাপে নিৰ্বাচিত হয়।ষ্টেলিনে ১৯৮৪ চনত পোনপ্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰিছিল।১৯৯৬ চনত চেন্নাইৰ মেয়ৰ নিৰ্বাচিত হয় আৰু ২০০৯ চনত তামিলনাডুৰ উপমুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।ষ্টেলিনৰ পিতৃ এম কৰুণানিধিয়ে পাচঁবাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল।

