কৰ্মচাৰীৰ অভাৱত অসুবিধাৰ সন্মুখীন অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)

কৰ্মচাৰীৰ অভাৱত অসুবিধাৰ সন্মুখীন অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)
Published on

কৰ্মচাৰীৰ অভাৱত অসমৰ অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)ত অসুবিধাৰ সন্মুখীন হৈছে । ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)ত ৪৪ টা অনুসন্ধানকাৰী অফিচাৰৰ পদ খালী হৈ আছে। ৪৪ টা পদৰ ভিতৰত এটা আৰক্ষীৰ জিলা অধীক্ষকৰ, ৩১ টা পৰিদৰ্শক, ৬ টা উপ- পৰিদৰ্শক আৰু ৬ টা সহকাৰী উপ পৰিদৰ্শকৰ পদ খালী হৈ আছে ।

অনুসন্ধানকাৰী বিষয়া আৰু অন্যান্য সহ বৰ্তমান অসমৰ অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)ত ৪১০ জন কৰ্মচাৰী আছে । অসম আৰক্ষীৰ বিভিন্ন বিভাগ আৰু সংস্থাত ৪১ জন বিষয়া আৰু কৰ্মচাৰী আছে । সেয়েহে, বাস্তৱিকতে তেওঁলোকে অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)ৰ হৈ কাম কৰাত অসুবিধাৰ সন্মুখীন হৈছে ।

অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি) এটা অনুসন্ধানকাৰী সংস্থা । ১৯০২ চনতে বৃটিছ চৰকাৰে গঠন কৰিছিল অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)। চি আই ডিয়ে সাধাৰণতে কঠিন গোচৰ সমুহ সমাধান কৰে । যেন ডকাইতি কাণ্ড, যৌন নিৰ্যাতন, ভূৱা, হত্যাকাণ্ড আৰু টকা সম্পৰ্কীয় কেলেংকাৰী আদি গোচৰ সমুহ অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)য়ে অনুসন্ধান কৰে ।

উল্লেখযোগ্য যে, চৰকাৰে অপৰাধ তদন্তকাৰী বিভাগ (চি আই ডি)ত খালী হৈ থকা পদ সমূহ পূৰণৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব লাগে । খালী পদ সমূহৰ পুৰণ হ'লে হে জমা হৈ থকা গোচৰ সমুহ খৰতকীয়াকৈ মীমাংসা কৰিবলৈ সুবিধা হব।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com