Begin typing your search above and press return to search.

কৰ্মচাৰীৰ চৰকাৰী কাৰ্যালয়ত সৰ্বাত্মক অসহযোগ আন্দোলন

কৰ্মচাৰীৰ চৰকাৰী কাৰ্যালয়ত সৰ্বাত্মক অসহযোগ আন্দোলন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 1:39 PM GMT

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজিৰে পৰা পৰা আৰম্ভ কাৰ্যালয় অসহযোগ। ১,২ আৰু ৩ নবেম্বৰত সমূহ উপায়ুক্ত , মহকুমাধিপতি আৰু চক্ৰবিষয়াৰ কাৰ্যালয়ত সৰ্বাত্মক অসহযোগ কৰি আন্দোলন কৰিছে কৰ্মচাৰী সকলে।

গুৱাহাটীটো উপায়ুক্ত কাৰ্যালয়তো কৰ্মচাৰী সকলে অসহযোগ কৰি নিজৰ দাবী সমূহ সাব্যস্ত কৰে ।ঐতিহাসিক উপায়ুক্ত কাৰ্যালয়ৰ মৰ্যাদা পূৰ্বৰ দৰে অক্ষুন্ন ৰখাৰ লগতে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্ত: জিলা বদলিৰ যি পৰিকল্পনা কৰিছে সেইয়া প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছে সন্থাই।

ষষ্ঠ দৰমহা আয়োগৰ ২১ মাহৰ অনাদায় বকেয়া প্ৰদান নকৰা আৰু সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ এপ্ৰিল ২০১৬ ৰ পৰিবৰ্তে জানুৱাৰী ২০১৬ ৰ পৰা কাৰ্যকৰী কৰিবৰ বাবে দাবী জনায়। কৰ্মচাৰী সকলৰ বাবে স্বাস্থ্য বীমা আচনি প্ৰৱৰ্তন কৰক অন্যথা চিকিৎসা ভাট্ট বৃদ্ধি কৰি কৰ্মচাৰী সকলক সকাহ দিয়াৰো দাবী উল্লেখ কৰে । উল্লেখযোগ্য যে আৰু কেইবাটাও দাবীৰে সৈতে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্হাৰ এই সৰ্বাত্মক অসহযোগে দুৰ্ভোগ ভুগাইছে সাধাৰণ জনতাক।

Next Story
চাকৰি