কৰ্মস্থলীত দেখুওৱা ব্যৱহাৰে প্ৰভাৱ পেলাব কৰ্মচাৰীৰ পদোন্নতিত

কৰ্মস্থলীত দেখুওৱা ব্যৱহাৰে প্ৰভাৱ পেলাব কৰ্মচাৰীৰ পদোন্নতিত
Published on

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে ৷ ২০১৯ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ কৰ্মস্থলীৰ পদোন্নতি ক্ষেত্ৰখন সহজ সৰল কৰা কথা চিন্তা চৰ্চা কৰি আছে কেন্দ্ৰীয় চৰকাৰে ৷ লগতে কৰ্মচাৰীসকলৰ কাৰ্মক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি পদোন্নতি দিব কেন্দ্ৰীয় চৰকাৰে৷ ইফালে কৰ্মক্ষেত্ৰৰ পদোন্নতি সপ্তম দৰমহা আয়োগৰ ওপৰত ভিত্তি কৰিহে হ’ব ।

উল্লেখ যোগ্য, কৰ্মচাৰীসকলৰ পদোন্নতিত কৰ্মচাৰীসকলৰ পাৰদৰ্শিতাৰ লগতে বিভিন্ন জনৰ মতামতো গ্ৰহণযোগ্য হ’ব ৷ কিন্তু পদোন্নতিৰ ক্ষেত্ৰত বিভিন্ন জনৰ মতামত সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত গ্ৰহণ নহয় ৷ যিসকল কৰ্মচাৰী পৌৰ নিগম,ট্ৰেজাৰী,বিদুৎ বিভাগ,বিদ্যালয়, কলেজ আদি বিভাগত চাকৰি কৰে৷সেই সকল কৰ্মচাৰীৰ ক্ষেত্ৰত বিভিন্ন লোকৰ মতামত গ্ৰহণযোগ্য হ’ব ৷ সেই সকল কৰ্মচাৰীয়ে নিজৰ কৰ্মস্থলীত জনসাধাৰণৰ প্ৰতি ব্যৱহাৰ কেনেধৰণৰ , জনসাধাৰণৰ অসুবিধাসমূহ কেনেধৰণৰ লয়,বা সেই অসুবিধাসমূহ কিমান সোনকালে সমাধান কৰি দিয়ে ইত্যাদি কথাসমূহ জড়িত হৈ আছে ৷

অন্যহাতে DOPT অৰ্থাৎ ডিপাৰ্টমেন্ট অব পাৰ্চনেল এণ্ড ট্ৰেইনিঙয়ে গ্ৰেডিংগ নামৰ এটা মেচিন তৈয়াৰ কৰি সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে ৷ সেই প্ৰস্তাৱ অনুসৰি জনসাধাৰণৰ প্ৰায় ৮০ শতাংশ মতামত কৰ্মচাৰীসকলৰ পদোন্নতিত প্ৰভাৱ পৰিব।বিভিন্ন কাম বা জনসাধাৰণৰ বিভিন্ন অসুবিধাৰ তাগিদাত অফিচলৈ অহা প্ৰত্যেকজন লোকৰে মতামতৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পোৱাৰ লগতে পদোন্নতিও হ’ব ৷ ইফালে কৰ্মচাৰীসকলৰ পদোন্নতিৰ ওপৰত জনসাধাৰণৰ এই প্ৰভাৱ সম্পৰ্কত ২০১৬ বৰ্ষৰ সপ্তম দৰমহা আয়োগৰ কেইজনমান ব্যক্তিয়ে এক প্ৰস্তাৱ দিয়ে MACP অৰ্থাৎ ম’ডিফাইড এচোছি’য়েট কেৰিয়াৰ প্ৰোগ্ৰেশ্যন প্ৰ’চেছৰ ওচৰত ৷

কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০১৬ বৰ্ষত এই সিদ্ধান্ত ব্যৱহাৰ নকৰি ২০১৯ বৰ্ষৰ পৰা ব্যৱহাৰ কৰিব এই সিদ্ধান্ত । উল্লেখ্য যে, প্ৰায়ে কৰ্মচাৰীসকলৰ পদোন্নতিৰ লগতে দৰমহাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ অসন্তুষ্টি দেখা যায়। সম্প্ৰতি দৰমহা আয়োগৰ কৰ্তৃপক্ষসকলে মত প্ৰকাশ কৰিছে যে সম্প্ৰতি MACP ৰ এই সিদ্ধান্তত কৰ্মচাৰীসকলৰ এই অসুবিধাসমূহ নাথাকিব৷ লগতে যদিহে কোনো কৰ্মচাৰীয়ে প্ৰথম ২০ বছৰত পদোন্নতিৰ ক্ষেত্ৰত খনত আগবাঢ়িব নোৱাৰে অথবা কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব নোৱাৰে তেতিয়া সেই কৰ্মচাৰীজনক পদোন্নতিৰ ক্ষেত্ৰত বাধা আহি পৰিব বুলিও সপ্তম দৰমহা আয়োগে প্ৰস্তাৱ ৰাখে MACP ৰ ওচৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com