Begin typing your search above and press return to search.

কৰ্মস্থলীত সমস্যাৰ সন্মুখীন যান বাহন নিয়ন্ত্ৰণ কৰা মহিলা আৰক্ষীসকল

কৰ্মস্থলীত সমস্যাৰ সন্মুখীন যান বাহন নিয়ন্ত্ৰণ কৰা মহিলা আৰক্ষীসকল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2019 7:21 AM GMT

গুৱাহাটী মহানগৰীত সততে দেখা নীলা ইউনিফৰ্ম পৰিহিত যান বাহন নিয়ন্ত্ৰণ কৰা মহিলা সকলক আমি প্ৰায়ে প্ৰত্যক্ষ কৰোঁ ৷ তেওঁলোকৰ কৰ্মই আমাক সকলোকে প্ৰেৰণা দিয়ে। কিন্তু যান বাহন নিয়ন্ত্ৰণ শাখাত কৰ্মৰত মহিলাসকলৰ কৰ্ম ক্ষেত্ৰত সন্মুখীন হয় বহু অসুবিধাৰ ৷কাৰণ জনতাৰ সুবিধাৰ্থে এই মহিলা সকলে ঘন্টাৰ পিছত ঘন্টা ধৰি নিজৰ দায়িত্ব পালন কৰিব লগা হয়। গুৱাহাটী মহানগৰীৰ পথত প্ৰায় ৩৬ গৰাকী যান বাহন শাখাত কৰ্মৰত মহিলাৰ প্ৰধান সমস্যা হৈছে শৌচালয়ৰ সমস্যা ৷

লগতে শৌচালয় যাবৰ কাৰণে জনতাৰ সুবিধাৰ কাৰণে নিজৰ দায়িত্বক আওকান কৰিব নোৱাৰে মহিলা যান বাহন আৰক্ষীসকলে৷ ইফালে, মহানগৰীত থকা ট্ৰেফিক পইন্ট সমূহত আৰক্ষীসকলৰ সুবিধাৰ্থে নাই শৌচালয়ৰ ব্যৱস্থা ৷ যাৰ কাৰণে,বহু অসুবিধাৰ সৃষ্টি হয় মহিলা যান বাহন আৰক্ষীত কৰ্মৰত কৰ্মীসকলৰ । এই সন্দৰ্ভত কিছু মহিলা যান বাহন আৰক্ষীয়ে কয় যে,অন্য ঠাইত স্থানান্তৰিত হোৱা প্ৰাকমুহুৰ্তত প্ৰায় চাৰিঘন্টা এটা ট্ৰেফিক পইন্টত কাম কৰাটো আৱশ্যক৷ বাথৰুমৰ সমস্যাৰ উপৰিও অন্যান্য বহু সমস্যাৰ সন্মুখীন হয় মহিলা যান বাহন আৰক্ষী সকলে ৷ কিছু সময়ত কিছু সংখ্যক যুৱকে, মহিলা যান বাহন আৰক্ষীসকলক উদ্দেশ্য কৰি অপমানজনক শব্দ ব্যৱহাৰ কৰে ৷

ইফালে গুৱাহাটীত মহিলা যান বাহন আৰক্ষীসকলে সন্মুখীন হোৱা সমস্যাৰ কাৰণেও যান বাহনৰ সমস্যাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হয় ৷ কাৰণ তেওঁলোকক জনসাধাৰণেও কোনো ক্ষেত্ৰতে সহায় নকৰে ৷ আৰু কিছু সংখ্যক লোকৰ ট্ৰেফিক পইন্টত ক্ষন্তেক সময়ৰ অপেক্ষা কৰিবলৈও সময়ৰ অভাৱ ৷ অৱশ্যে এই মহিলা যান বাহন আৰক্ষীসকলক পুৰুষৰ সমকক্ষ হোৱাকৈ প্ৰশিক্ষণ দিয়া হয় ৷ উল্লেখযোগ্য যে যান বাহন নিয়ন্ত্ৰণ বিভাগৰ বিষয়া প্ৰশান্ত শইকীয়াই যান বাহন নিয়ন্ত্ৰণ শাখাত কৰ্মৰত মহিলা আৰক্ষী সমূহৰ শৌচালয়ৰ সমস্যা সন্দৰ্ভত দ্য চেন্টিনেল সন্মুখত কয় যে আমি ট্ৰেফিক পইন্টৰ নিকটৱৰ্তী হোটেল,ৰেস্ত’ৰা,ম’ল, কাৰ্যালয় সমূহৰ লগত আলোচনা কৰিছোঁ৷ যাতে তেওঁলোকৰ শৌচালয়সমূহ যান বাহন নিয়ন্ত্ৰণ কৰা মহিলা আৰক্ষী সকলক ব্যৱহাৰ কৰিবলৈ দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি