Begin typing your search above and press return to search.

খঙত অগ্নিশৰ্মা শ্ৰীশান্তক বিগবচে দিব পাৰে বিদায়:কিন্তু কিয়?

খঙত অগ্নিশৰ্মা শ্ৰীশান্তক বিগবচে দিব পাৰে বিদায়:কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 12:10 PM GMT

কালাৰ্ছ টিভিৰ জনপ্ৰিয় অনুষ্ঠান বিগ বছ সততে অনুষ্ঠানটোৰ অনুৰাগীসকলৰ মাজত চৰ্চাত থাকে ৷সম্প্ৰতি অনুষ্ঠানটোৰ প্ৰতিযোগী শ্ৰীশান্ত বিগ বছৰ ঘৰৰ পৰা বাহিৰ হোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত ৷ মংগলবাৰৰ টেলিকাষ্ট হোৱা এপিচ’ডটোত শ্ৰীশান্তে অনুষ্ঠানটোৰ অন্য এজন প্ৰতিযোগী ৰোহিত সুক্ৰীটিক খঙত অগ্নিশৰ্মা হৈ প্ৰহাৰ কৰে৷

ইয়াৰ পিছতেই বিগ বছৰ ঘৰত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ আনহাতে শ্ৰীশান্তৰ এই ব্যৱহাৰ বিগবচৰ দৰ্শক সকলৰ কাৰণে নতুন কথা নহয়৷কিন্তু সম্প্ৰতি ৰোহিত সুক্ৰিটীৰ ওপৰত হাত উঠোৱা কথাটোৱে বিগ বছৰ ঘৰৰ পৰা শ্ৰীশান্তক বাহিৰ কৰিব বুলি চৰ্চা লাভ কৰিছে বিগবছৰ অনুৰাগীসকলৰ মাজত৷কাৰণ বিগ বচৰ ঘৰত প্ৰতিযোগীসকলে ইজনে সিজনক প্ৰহাৰ কৰাটো দুৰৰে কথা;গাত আঙুলি এটাও দিব নোৱাৰে ৷

তেনেস্থলত শ্ৰীশান্তে ৰোহিতক প্ৰহাৰ কৰাটো চিন্তনীয়৷ অৱশ্যে,বিগবচে পূৰ্বতেও শ্ৰীশান্তক উগ্ৰ স্বভাৱৰ কাৰণে সকিয়নী দিছে ৷ বিগবচৰ দৰ্শকসকলক শ্ৰীশান্তৰ ব্যৱহাৰ কেনে,সেয়া কোৱাৰ প্ৰয়োজন নাই ৷ ইফালে,ইয়াৰ আগতে শিৱাশীষ মিশ্ৰাও নিজৰ ব্যৱহাৰৰ কাৰণে বিগবছৰ ঘৰৰ পৰা বাহিৰ হয় ৷ গতিকে এইবাৰ বিগবচে শ্ৰীশান্তৰ বিৰুদ্ধে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি