Begin typing your search above and press return to search.
খানাজান গাৰ্ড ৱাল খহি পৰাৰ ফলত ৩ টা বাসগৃহ ভাঙি পৰে

খানামুখ অঞ্চলৰ খানাজানৰ গাৰ্ড ৱাল খহি পৰাৰ ফলত তিনিটাকৈ বাসগৃহ ভাঙি পৰে। নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয় । এটা বাসগৃহ প্ৰমোদ বৰ্মনৰ বুলি জানিব পৰা গৈছে । প্ৰমোদ বৰ্মন আৰু তেওঁৰ পুত্ৰ তৃষান বৰ্মনে নিশা শব্দ শুনি বাহিৰলৈ উলিয়াই আহি প্ৰতক্ষ্য কৰে । সহায়ৰ বাবে স্থানীয় লোক আৰু আজাৰা আৰক্ষী উপস্থিত হয় । আবদ্ধ হৈ থকা ১৩ জন লোকক উদ্ধাৰ কৰে ।
প্ৰায় ৫০ মিটাৰৰ গাৰ্ড ৱাল ভাঙি পৰে আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জিলা উপায়ুক্তক এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্থ লোকক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে । ঘটনাৰ সন্দৰ্ভত ৰিপোৰ্ট দিবলৈ কোৱা হৈছে ।
অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি
Next Story