Begin typing your search above and press return to search.

খনাজান নদীত জাহ খনামুখৰ তিনিটা বাসগৃহ

খনাজান নদীত জাহ  খনামুখৰ তিনিটা বাসগৃহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 11:05 AM GMT

কামৰূপ মেট্ৰ’ৰ অন্তৰ্গত ধাৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খানামুখৰ খানাজান নদীয়ে তিনিটা বাসগৃহৰ আবাসিক গৃহহীন কৰে ৷ অৱশ্যে পৰিয়ালকেইটিৰ লোকসকলক চুবুৰীয়া আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ খবৰ অনুসৰি মে’ৰ ১ তাৰিখে নিশা প্ৰায় ২ বজাত এই ঘটনাটো সংঘটিত হয়। ঘটনাটোত প্ৰমোদ বৰ্মন নামৰ লোকজনৰ পৰিয়ালটিৰ সাত জন সদস্যক গৃহহীন কৰে ৷ ইফালে বাসগৃহটোৰ কাষতে ভাৰাতীয়া হিচাপে ১৩ জন সদস্যৰ আন দুটি পৰিয়ালো আছিল ৷

ইফালে, প্ৰমোদ বৰ্মন গুৱাহাটী বিশ্ব বিদ্যালয়ৰ এজন কৰ্মচাৰী ৷ নিশা প্ৰচণ্ড শব্দৰ শুনা পায় বৰ্মনৰ পুত্ৰই প্ৰত্যক্ষ কৰে যে প্ৰায় ১০ বছৰৰ আগেয়ে জল সম্পদ বিভাগে পানী নিৰ্মাণ কৰা এখন দেৱাল ভাগি পৰিছে। ইয়াৰ পিছত তিনিটা বাসগৃহৰ কিছু অংশ পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই লৈ যায়। আৰু ঘটনাস্থলীত আৰক্ষী আৰু ওচৰ চুবুৰীয়াৰ লোক উপস্থিত হয়।

ইয়াৰ পিছতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই গৃহহীন হোৱা লোকসকলৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ উপায়ুক্তৰ লগত যোগাযোগ কৰে । উপায়ুক্তই অনতিপলমে আজৰা ৰাজহ চক্ৰৰ বিষয়াববীয়াক ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি