Begin typing your search above and press return to search.

খিলঞ্জীয়া লোকসকলক ৰক্ষা কবচ প্ৰদানৰ ঐতিহাসিক পদক্ষেপ

খিলঞ্জীয়া লোকসকলক ৰক্ষা কবচ প্ৰদানৰ ঐতিহাসিক পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2018 7:46 AM GMT

বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনত হোৱা অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰক্ষা কবচ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰায় তিনিবছৰৰ অন্তত কল্পনা-জল্পনাৰ অন্ত পেলাই প্ৰকাশ কৰিছে।সোমবাৰে মহানগৰীৰ ভঙাগড়স্থিত এনআৰচিৰ মুখ্য কাৰ্য্যালয়ত ১০ বজাত এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলা,ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল চেইলেশ,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (উত্তৰপূৰ্বাঞ্চল) যুতীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ উপস্থিতিত এনআৰচিৰ চূড়ান্ত খচৰাখন প্ৰকাশ কৰে।এনআৰচিত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জন লোকৰ নাম বাদ পৰিছে।বাদ পৰা লোকসকলে ৩০ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত আৱেদনপত্ৰ জমা দিব লাগিব।প্ৰপত্ৰ সমূহ নিজৰ নিজৰ স্থানীয় এনআৰচি সেৱা কেন্দ্ৰ সমূহত জমা দিব লাগিব।আবেদন সমূহ অনলাইনতো উপলব্ধ হব।প্ৰাপ্ত তথ্য অনুসৰি ২ লাখ ৪৮ হাজাৰ নাম হল্ডত ৰখা হৈছে।

Next Story
চাকৰি