Begin typing your search above and press return to search.

খোৱা পানীৰ সমস্যাৰ পিছতো মহানগৰীত অপচয় পানী

খোৱা পানীৰ সমস্যাৰ পিছতো মহানগৰীত অপচয় পানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2019 9:04 AM GMT

আমি সকলোৱে জানো যে পানী আমাৰ কাৰণে কিমান উপযোগী । কাৰণ পানীয়েই প্ৰাণ ৷ আমাৰ চাৰিওফালে পানীৰ কোনো অভাৱ নাই যদিও আমাৰ মাজত প্ৰায়ে খোৱাৰ পানীৰ অভাৱে দেখা যায় । গুৱাহাটী মহানগৰীত পানীৰ অভাৱে দেখা দিয়াটো নতুন কথা নহয় । কিছুসংখ্যক পৰিয়ালে খাবৰ কাৰণে বা ২৪ ঘন্টাৰ কাৰণে কেৱল এটা বাল্টি অথবা দুটা বাল্টিত পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰে। ইফালে ৱাটাৰ চাপ্লাইৰ পাইপ সমূহো বিকল হৈ যোৱাত সততে সমস্যাৰ সন্মুখীন হয় জনসাধাৰণ ৷

সম্প্ৰতি বিশুদ্ধ খোৱা পানীৰ অভাৱৰ কাৰণে জনসাধাৰণৰ বিভিন্ন প্ৰতিবাদ যেন সাধাৰণ ঘটনালৈ পৰিণত হৈছে। কিন্তু বিশুদ্ধ খোৱা পানীৰ দাবীৰ লগতে জনসাধৰণৰ খোৱা পানীৰ সন্দৰ্ভত কৰা বিভিন্ন প্ৰতিক্ৰিয়াৰ পিছত যেতিয়া পানীৰ অপচয় হয়। তেতিয়া ইয়াৰ বিৰুদ্ধে কোনে ?কি ব্যৱস্থা ল’ব ? ইফালে বশিষ্ঠপুৰত এটা পানীৰ পাইপ লাইনৰ পৰা অবিৰত ভাৱে পানী প্ৰবাহিত হৈ আছে । এক বিশেষ সূত্ৰৰ মতে বিগত তিনিদিন ধৰি যথেষ্ঠ পানী সমূহ অপচয় হৈছে ৷ মই দুদিনৰ আগতে এই সন্দৰ্ভত বিভাগীয় কৰ্মকৰ্তাসকলক অৱগত কৰালোঁ ৷কিন্তু এতিয়াও তেওঁলোক কোনো অহা নাই।

অন্য এজন স্থানীয় লোকৰ মন্তব্য অনুসৰি পানী বহুত অপচয় হৈছে ৷ কিমান পৰিমাণৰ পানী সম্প্ৰতি অপচয় হ’ল সেই সন্দৰ্ভত ক’ব পৰা নাযাব ৷ আমি পানীৰ নাটনিৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো ৷ খোৱা পানীৰ সমস্যা থকা জনেহে জানে যে এক টোপালো পানীৰ মূল্য কিমান ৷ অৰ্ণৱ দাস নামৰ এজন লোকৰ মন্তব্য অনুসৰি পাইপ লাইন ফুটাঁৰ কাৰণে বহুত পানী অপচয় হ’ল ৷সেয়েহে বিভাগীয় কৰ্তৃপক্ষই অনতিপলমে পাইপ লাইন সমূহক মেৰামতি কৰিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি