গঁড় সুৰক্ষাৰ বাবে বিশেষ সশস্ত্ৰ বাহিনী

গঁড় সুৰক্ষাৰ বাবে বিশেষ সশস্ত্ৰ বাহিনী
Published on

ৰাজ্য চৰকাৰে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুস্থিত সভাত বিশেষ সশস্ত্ৰ বাহিনীৰ ৯০ জন কনিষ্টবলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি পত্ৰ প্ৰদান কৰে।এই নতুন বাহিনীটোক 'বিশেষ গঁড় সুৰক্ষা বাহিনী' হিচাপে নামাকৰণ কৰা হৈছে।গঁড় হত্যাৰ ক্ষেত্ৰত চোৰাং চিকাৰী অধিক সক্ৰিয় হোৱাৰ বাবে এই বিশেষ বাহিনী প্ৰস্তুত কৰা হৈছে।এই সশস্ত্ৰ বাহিনীতোয়ে বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাস,ওৰাং অভৰান্যতো কাম কৰিব।সভাত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে কনিষ্টবল সকলক সকলো ধৰণৰ প্ৰশিক্ষণৰ জড়িয়তে বন আৰু পৰিবেশ ৰক্ষাৰ বাবে সাজু কৰি তোলা হব।চোৰাং চিকাৰীয়ে যাতে অসম গৌৰৱ গঁড় হত্যা কৰিব নোৱাৰে তাৰ বাবে বিশেষ বাহিনীৰ সদস্য সকলে কাম কৰি যাব আৰু লাহে লাহে আৰু সদস্য বৃদ্ধি কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com