গণৰাজ্য দিৱসত এইবাৰ অসমৰ প্ৰতীকপটে স্থান পাবনে?

গণৰাজ্য দিৱস সমাগত, দেশে ইতিমধ্যে গণৰাজ্য দিৱস পালনৰ বাবে যাবতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে।সজাই তোলা হৈছে ভাৰতৰ ঐতিহাসিক দিল্লীৰ লালকিল্লা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ গণৰাজ্য দিৱসৰ অতিথিৰ আহ্বান নাকচ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামফোজাই ভাৰতৰ নিমন্ত্ৰণ ৰক্ষা কৰি গণৰাজ্য দিৱসৰ অতিথি হব। কিন্তু বিতৰ্ক হৈছে এইবাৰ অন্য এক প্ৰসংগতহে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প নহয় এই বিতৰ্ক মুখ্য কাৰণ। এই বিতৰ্কৰ কাৰণ অসমৰ প্ৰতীক পটকলৈ। অহা গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসমৰ প্ৰতীকপট থাকিবনে নাথাকে তাক লৈ সৃষ্টি হৈছে বহু জল্পনা কল্পনাৰ। ভূলকৈ অসমৰ প্ৰতীক পদ সম্পৰ্কে ব্যাখা আগবঢ়োৱা বাবে অসমৰ প্ৰতীক পদৰ আৰ্হি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে নাকচ কৰিছে। প্ৰতিবছৰে গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ বাবে একোটাকৈ বিষয় বস্তু গ্ৰহণ কৰা হয় আৰু ৰাজ্য সমূহে সেই বিষয়বস্তুৰ আধাৰত নিজা নিজা আৰ্হি প্ৰস্তুত কৰি উপস্থাপন কৰে।
এইবাৰ গণৰাজ্য দিৱসৰ মূল বিষয় বস্তু হিচাপে নিৰ্বাচন কৰা হৈছে মহা মানব, জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশৰ বিভিন্ন স্থানত সময় অতিবাহিত কৰা স্থান সমূহ। অসমে এই বিষয় বস্তুৰ আধাৰত নিৰ্বাচন কৰিছিল বস্ত্ৰ নগৰী শুৱালকুছিক। মহাত্মা গান্ধীয়ে ১৯৪৬ চনত অসমলৈ অহাৰ সময়ত শুৱালকুছি ভ্ৰমণ কৰিছিল। অসমৰ পাট-মূগাৰ কাপোৰৰ কাৰণে বিখ্যাত পূবৰ মানচেষ্টাৰ হিচাপে পৰিচিত শুৱালকুছি ভ্ৰমণ কৰি মহাত্মা গান্ধীয়ে শুৱালকুছিৰ শিপিনী সন্দৰ্ভত এটা গুৰুত্ব পূৰ্ণ মন্তব্য কৰিছিল যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। এই সুন্দৰ বিষয় বস্তুক লৈ অসমৰ তৰফৰ পৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসমে মহাত্মা গান্ধীৰ এই ভ্ৰমণ স্মৰণীয় কৰাৰ বাবে প্ৰতীক পট উপস্থাপন কৰা কথা আছিল কিন্তু অসম চাৰকাৰৰ বিভাগীয় কতৃপক্ষই প্ৰতীকপট সন্দৰ্ভত ভূল বাখ্যা আগবঢ়োৱা বাবে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অসমৰ আৰ্হি অগ্ৰাহ্য কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।
আগন্তুক গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটে স্থান পাবনে নাপায় সেই সন্দৰ্ভত সাংবাদিকে সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলেক প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমক কয় যে চৰকাৰৰপৰা প্ৰতীকপটৰ প্ৰস্তাব প্ৰেৰণ কৰা হৈছিল, কিন্তু প্ৰতীকপটৰ বিষয়ত এতিয়ালৈ এতিয়াও চূড়ান্ত সিদ্ধন্ত হোৱা নাই কিবা খুঁটি-নাটি থাকিলে শুধৰণিৰ সুবিধা থাকিব।এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে আশাবাদী বুলি মন্তব্য কৰে। পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ শাসনৰ কালত অসমৰ প্ৰতীকপটৰ ক্ষেত্ৰত এনে এক ঘটনাৰ সৃষ্টি হৈছিল। অসমৰ প্ৰতীকপটে গণৰাজ্য দিৱসৰ অনুষ্ঠানত নাথাকিলে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ বাবে এক লাজৰ কথা হৈ পৰিব।চলিত গণৰাজ্য দিৱসত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ জনোৱাৰ লগত মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ প্ৰসংগটো জড়িত হৈ আছে। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা আন্দোলনতো যথেষ্ঠ বৰঙনি আগবঢ়াইছিল।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি