গাঞ্জা জব্দ,তিনিজনক গ্ৰেপ্তাৰ

গাঞ্জা জব্দ,তিনিজনক গ্ৰেপ্তাৰ
Published on: 

বৰপথাৰ আৰক্ষী থানাৰ অচি ভোলাৰাম বৰা আৰু তেওঁৰ সহযোগী দলে যোৱা দেওবাৰে অসমৰ পঞ্জীয়ন নম্বৰ থকা টাটা মেজিকৰ সৈতে তিনিজন লোকক আটক কৰে আৰু লগতে ১কুইণ্টল মাৰিজুনা(গাঞ্জা) জব্দ কৰে।গাঞ্জা খিনৰ মুল্য প্ৰায় ৬লাখ টকা।ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাত এই ঘটনাক লৈ গোচৰ পঞ্জীয়ন কৰা হয়।গাঞ্জা সমূহ ডিমাপুৰ আৰু নগালেণ্ডৰ সীমাৰ পৰা ক্ৰয় কৰে।গাঞ্জা আটককাৰী কেইজন হৈছে ক্ৰমে পাৰ্বতী দেৱী,মুনিন চাহ আৰু কপিল চাহ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com