Begin typing your search above and press return to search.

গান্ধীনগৰত লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল

গান্ধীনগৰত লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমিত শ্বাহৰ মনোনয়ন পত্ৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 10:34 AM GMT

ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহে প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত অবৰ্ণনীয় হব । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি লোকসভা নিৰ্বাচনৰ বাবে গান্ধীনগৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে । গান্ধীনগৰৰ বৰ্তমানৰ সাংসদ এল কে আদৱানী ।

অমিত শ্বাহে মনোনয়ন পত্ৰ দাখিল কৰাৰ পুৰ্বে এক নিৰ্বাচনী ৰেলীত আৰু ৰোডশ্ব' অংশগ্ৰহণ কৰে ।

অমিত শ্বাহে বিজেপিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে শূণ্যৰ পৰা বৰ্তমানৰ অমিত শ্বাহক বিজেপিয়ে উপহাৰ দিছে । যদি বিজেপি তেওঁৰ জীৱন নাথাকে, তেতিয়া শূণ্য হৈ পৰিব।

মনোনয়ন পত্ৰ দাখিল কৰাৰ পুৰ্বে আহমেদাবাদৰ নাৰানপুৰাত এক ৰেলীত অংশগ্ৰহণ কৰি অমিত শ্বাহে প্ৰকাশ কৰে যে 'যি শিকিছো আৰু যি দিব পাৰিছো সেয়া বিজেপিৰে অবদান । লগতে প্ৰকাশ কৰে যে গান্ধীনগৰৰ পৰা লাল কৃষ্ণ আদৱানী আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে নেতা সাংসদ আছিল । গান্ধীনগৰৰ পৰা প্ৰতিনিধিত্ব কৰি নিজকে ধন্য মানিছো বুলিও প্ৰকাশ কৰে অমিত শ্বাহে । বিজেপিৰ এটা আদৰ্শ থকা দল, যি দলে পণ্ডিত দীনদায়াল উপাধ্যয়ৰ আদৰ্শক অনুসৰণ কৰে ।

প্ৰধানমন্ত্ৰীৰ যোৱা ৫ বছৰৰ কামৰ কথা প্ৰকাশ কৰি কয় যে বৰ্তমান জনসাধাৰণক দেশৰ সুৰক্ষা কাৰ হাতত বুলি প্ৰশ্ন কৰিলে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ হাতত বুলি প্ৰকাশ কৰিব ।

অমিত শ্বাহে মনোনয়ন পত্ৰ দাখিল কৰাৰ পুৰ্বে চৰ্দাৰ বল্লভভাই পাটেলৰ প্ৰতি সন্মান জনাই, তাৰ পাছত DRH ৰিজেঞ্চি হোটেলৰ পৰা পাটিদাৰ চ'কলৈকে এক ৰোড শ্বত অংশগ্ৰহন কৰে ।

ৰেলীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙ, পাঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিঙ বাদল, মন্ত্ৰী নিটিন গাদকাৰী , ৰেল মন্ত্ৰী পিয়োয গোৱেল, সিব সেনাৰ মুখ্য উদয় থেকেৰি, ৰাম বিলাস পাছোৱান, ৰাম লাল উপস্থিত থাকে । উল্লেখযোগ্য যে এই অনুষ্ঠানত লাল কৃষ্ণ আদৱানী অনুপস্থিত আছিল ।

গুজৰাটৰ ২৬ লোকসভা সমষ্টিৰ বাবে ২৩ এপ্ৰিল ভোট গ্ৰহণ অনুষ্ঠিত হব। ২৩ মেত ভোট গননা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story