আজি দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ দ্বিতীয় দিন ৷ বিশ্বনাথ জিলাৰ ১১০৪ খন বিদ্যালয়ৰ ৮৮২২৭ জন ছাত্ৰ ছাত্ৰীক সামৰি লৈছে গুনোৎসৱে ৷ আনহাতে গুণোৎসৱৰ মাজতেই বিশ্বনাথৰ নিলপুৰৰ এখন বিদ্যালয়ত সংঘটিত হয় অগ্নিকাণ্ড। জুইত জাহ যায় গুণোৎসৱৰ বহু খিনি নথিপত্ৰ। বিশ্বনাথৰ নিলপুৰ প্ৰাথমিক বিদ্যালয়ত জুই লগাৰ ফলত বিদ্যালয় গৃহৰ ক্ষতি সাধন নহল যদিও জুইত জাহ গল বিদ্যালয়ৰ নথি পত্ৰৰ লগতে গুনোৎসৱৰ নথি৷ প্ৰধান শিক্ষকে বিদ্যালয়ৰ তলা নিজ হাতেৰে বন্ধ কৰি বুধবাৰে ঘৰলৈ গৈছিল তাৰপিছত কিদৰে এই অগ্নিকাণ্ড সংঘটিত হল এইয়া এতিয়া ৰহস্যৰ আৱৰ্তত।
ৰাতিপুৱা চকীদাৰে আহি বিদ্যালয় খোলোতে হে দেখে বিদ্যালয়ৰ নথিৰ লগতে গুণোৎসৱৰ নথি পত্ৰও জুইত জাহ গল। এই দৃশ্য দেখি বিদ্যালয়ৰ শিক্ষকৰ চকু কপালত উঠিল। এতিয়া যেন বিদালয়খনৰ শিক্ষকৰ ওপৰত সৰগ হে ভাঙি পৰিছে। গুণোৎসৱৰ OMR ছীট সমূহ জ্বলি যোৱা বুলি জানিবলৈ দিছে শিক্ষক কর্তৃপক্ষই। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই জুইৰ কাৰন ৷ বিদ্যালয়খনত উপস্থিত হৈ সৰ্বশিক্ষাৰ বিষয়াই চলাইছে অনুসন্ধান ৷
ৰাজ্যৰ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তক দেখা গল শিক্ষকৰ ৰূপত ৷ বিশ্বনাথ বিহালীৰ বৰগাওঁ চাহ বাগিচাৰ ৯ নং লাইন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰী দত্তই কনকন ছাত্ৰছাত্ৰী সকলৰ শিক্ষাৰ গুণগত মানদণ্ডৰ বুজ লয় লগতে ছাত্ৰছাত্ৰী সকলক এজন শিক্ষকৰ দৰে পাঠদান কৰি অভিভূত হৈ পৰে ৷মন্ত্ৰী গৰাকীক ছাত্র ছাত্ৰী সকলৰ লগত একেলগে মহ্নান্য ভোজন গ্ৰহণ কৰা দেখা গ'ল ৷
বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলৰ মাজত উপস্থিত হৈ জেষ্ঠ মন্ত্ৰীজনাই নিজৰ প্ৰাথমিক বিদ্যালয় জীৱনক সোঁৱৰি নষ্টালজিক হৈ পৰে ৷ নিজ গৃহ সমষ্টিৰ চাহ বাগিচা অধ্যুষিত বিগত গুনোৎসৱত "A+" লাভ কৰা প্ৰাথমিক বিদ্যালয় খনত বহী মুল্যায়ক ৰূপে উপস্থিত হৈ জেষ্ঠ মন্ত্ৰীজনাই শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰছাত্ৰী সকলক উৎসাহ যোগাই ৷