গুণোৎসৱত শিক্ষকৰ ভূমিকাত বিধায়ক ৰূপক শৰ্মা

"গুণোৎসৱৰ জৰিয়তে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি সাধন কৰাই প্ৰধান লক্ষ্য"--আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ নাৰী শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
আজি পুৱা বিদ্যালয় খনত সোমাই শ্ৰেণীকক্ষত প্ৰৱেশ কৰি শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ বিধায়ক গৰাকীয়ে ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। আনকি ছাত্ৰীসকলক পাঠদান কৰাৰ লগতে তেওঁলোকৰ পঠন, লিখন দক্ষতা মূল্যায়ন কৰে। ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে বিদ্যালয়ৰ আন্ত:গাঠনি, অন্যান্য দিশসমূহ পৰিদৰ্শন কৰাৰ কৰে আৰু শিক্ষক-শিক্ষয়ত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰে মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ অভাৱ অভিযোগৰো বুজ লয়।
বিধায়কগৰাকীয়ে গুণোৎসৱ উপলক্ষে বিদ্যালয়খনত বিৰাজ কৰা সুন্দৰ শৈক্ষিক পৰিৱেশ অাগলৈয়ে যাতে অটুট ৰাখে তাৰ প্ৰতি শিক্ষক শিক্ষয়ত্ৰীসকলক আহ্বান জনায় । বিধায়কগৰাকীৰ পৰিদৰ্শনৰ সময়ত নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া, বহি: মূল্যায়ক তথা মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক জয়নাল আবেদিন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহিনীমোহন ডেকা, CRCC গোবিন্দ ভাৱাল, শিল্পী গম্ভীৰ নাথ,অভিনেতা-পৰিচালক প্ৰদীপ শৰ্মা, বিদ্যালয়ৰ অধ্যক্ষ,শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত আছিল।ইপিনে, বিধায়ক ৰূপক শৰ্মাই গুণোৎসৱ উপলক্ষে টোকোলাই বেবেজীয়া প্ৰাথমিক বিদ্যালয় ৰ লগতে পাখিমৰীয়াৰ বহুকেইখন বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ- ছাত্ৰী, শিক্ষকৰ লগত মত বিনিময় কৰে আৰু বিদ্যালয় সমূহৰ আন্ত:গাঠনিৰ বুজ লয়।