Begin typing your search above and press return to search.

গুৱাহাটীত উৎখাত ভূৱা কল চেন্টাৰঃ ৩৭ জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীত উৎখাত ভূৱা কল চেন্টাৰঃ ৩৭ জন লোকক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 8:02 AM GMT

অপৰাধ অনুসন্ধান শাখাই মংগলবাৰে গুৱাহাটীৰ জু নাৰেংগী ৰোডৰ পৰা এটা ভূৱা ক’ল চেন্টাৰ উৎখাত কৰে ৷ ইফালে এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত ৰাজেশ খান ওৰফে ৰাজেশ মুখাৰ্জী ওৰফে ৰাজেশ ভাইক অপৰাধ অনুসন্ধান শাখাই গুৱাহাটীৰ নেহেৰু পাৰ্কৰ পৰা গ্ৰেপ্তাৰ কৰে। ৰাজেশ মুখাৰ্জী হৈছে গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা ৷

অপৰাধ অনুসন্ধান শাখাৰ তথ্য অনুসৰি সময়ে সময়ে ৰাজেশে নাম পৰিৱৰ্তন কৰি ৰাজেশ মুখাৰ্জী,ৰাজেশ খানলৈ পৰিৱৰ্তন কৰিছিল ৷ উল্লেখ্য যে, অভিযুক্তই গুৱাহাটীৰ জালুকবাৰীত অ’ডি শ্ব’ৰুমৰ বিপৰীতে হোটেল হাইৱে’ পেলেচৰ ওচৰত এটা ঘৰ ভাৰাত লৈছিল ৷ অপৰাধ অনুসন্ধান শাখাই অভিযুক্ত ৰাজেশৰ স্থানৰ সম্ভেদ পায় ।কিন্তু অপৰাধ অনুসন্ধান শাখা সেই স্থানত উপস্থিত হোৱালৈ পলায়ন কৰিবলৈ সক্ষম হয় ৰাজেশ ৷ কিন্তু ৰাজেশক বিয়লি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিআইডিয়ে ৷

ইফালে, অপৰাধ অনুসন্ধান শাখাই এই ঘটনা সন্দৰ্ভত ৯ গৰাকী যুৱতীকে ধৰি মুঠ ৩৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ গুৱাহাটীত অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধানে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন জনসাধাৰণৰ প্ৰতাৰণা,প্ৰবঞ্চনাৰ কৰাৰ কাৰণে ৯ গৰাকী যুৱতীকে ধৰি ২৮ জন যুৱকৰ লগতে মুঠ ৩৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

ইয়াৰোপৰি চি আই ডি য়ে ২২টা মণিটৰ,৪০ টা চি পি ইউ, ২ টা পেনড্ৰাইভ,৩২ টা ম’বাইল হেণ্ডছেট, এটা লেপটপকে ধৰি বহু সামগ্ৰী জব্দ কৰে ৷ ইয়াৰ মাজতে অপৰাধ অনুসন্ধান শাখাই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি),৪১৯/৪২০/৪৬৮/৪৭১/৩৮৪ আৰু আই এক্টৰ ৬৬ ধাৰাৰ অধীনত ১২/১৯ নম্বৰৰ গোচৰ ৰজু কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি