Begin typing your search above and press return to search.

গুৱাহাটীত পত্নী সহিতে ভোটদান কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে

গুৱাহাটীত পত্নী সহিতে ভোটদান কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 8:38 AM GMT

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ আৰু পত্নী গুৰ চৰণ কৌৰে ভোটাধিকাৰ সাব্যস্ত কৰে মংগলবাৰে । দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোৱা ভোটকেন্দ্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে পত্নী সহিতে প্ৰায় ৩ বজাত উপস্থিত হয় ৷ ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ আৰু পত্নী গুৰচৰণ কৌৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতেই ভোটদান কৰিবলৈ অপেক্ষাৰত ভোতাৰৰ শাৰীত থিয় নোহোৱাকৈয়ে ভোটদান কৰে।

অন্যহাতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° সিঙে ভোটদান কৰিবলৈ অহাৰ কাৰণে পুৱাৰে পৰা ভোটদান কেন্দ্ৰটোত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ প্ৰশাসনে বিদ্যালয়খনৰ প্ৰবেশদ্বাৰত তথা ৰাজপথত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷ উল্লেখযোগ্য যে গুৱাহাটীৰ লোকসভাৰ প্ৰাৰ্থী ববিতা শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ আৰু সিঙৰ পত্নী গুৰচৰণ কৌৰক ফুলাম গামোচাৰে আদৰণি জনায় ৷

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাও সেই সময়ত উপস্থিত আছিল ভোটদান কেন্দ্ৰটোত ৷ ভোটদান কৰি মহানগৰীৰ সৰু মটৰীয়াত থকা ভাড়াঘৰত উপস্থিত হয় পত্নী সহিতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ ৷ ইয়াৰ পিছত ভাড়াঘৰত অলপ সময় জিৰণি লোৱাৰ পিছত বিয়লি প্ৰায় ৫.৩০ বজাত নতুন দিল্লীত ৰাওনা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি