Top
Begin typing your search above and press return to search.

গুৱাহাটীত বৃহৎ জয় টিম ইণ্ডিয়াৰ

গুৱাহাটীত বৃহৎ জয় টিম ইণ্ডিয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2018 5:26 AM GMT

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুস্থিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথম খন খেলত ভাৰতে আলহী দলটোক ৮ উইকেটত সহজে পৰাস্ত কৰে।ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জয়ী হৈ কেৰিবিয়ান বাহিনীক বেটিংৰ বাবে আমন্ত্ৰন কৰে। ৱেষ্ট ইণ্ডিজে চিমৰন হেটম্যাৰৰ শতক আৰু কিৰন পাৱেলৰ অৰ্ধশতকৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৩২২ ৰান কৰিবলৈ সক্ষম হয়।হেটম্যাৰে মাত্ৰ ৭৮ টা বলতে ৬ টা বিশাল ছয় আৰু ৬ টা চাৰি সহায়ত বিস্ফোৰক ইনিংছটো খেলি ৰবিন্দ্ৰ জাডেজাৰ চিকাৰ হয়। পাৱেলে ৩৬ টা বলত ৫১ ৰান কৰে। ভাৰতৰ বলিংত চাহালে দৰ্শনীয় বলিঙেৰে ৪১ ৰানত ৩ জন বেটচমেনক পেভিলিয়নৰ বাট দেখুৱাই। জাডেজাই ৬৬ ৰানত দুটা উইকেটত আৰু মহম্মদ চামিয়েও ৮১ ৰান সম সংখ্যক উইকেট দখল কৰিবলৈ সক্ষম হয়।

ঘৰুৱা দৰ্শকৰ সন্মূখত ৩২৩ ৰানৰ বিশাল লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা টিম ইণ্ডিয়াই আৰম্ভনিতে অপেনাৰ শিখৰ ধাৱানৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও কোহলী আৰু ৰোহিত শৰ্মাৰ শতকেৰে বিজয় লক্ষ্যত উপনিত হবলৈ সক্ষম হয়। কোহলীয়ে মাত্ৰ ১০৭ টা বলতে ২১ টা চাৰি আৰু ২ টা বিশাল ছয়েৰে ১৪০ ৰান কৰি দেৱেন্দ্ৰ বিশ্বুৰ বলত আউট হয় যদিও ৰোহিতে অপৰাজিত ১৫২ ৰানৰ সহায়ত ৪৭ টা বল বাকী থকা অৱস্থাতে ভাৰতীয় দলক বিজয় লক্ষ্যত উপনিত কৰাবলৈ সক্ষম হয় । হিট মেন ৰোহিতে ১১৭ টা বলত ৮ টা গগনচুম্বী ছয় আৰু ১৫ টা চাৰিৰে বিস্ফোৰক ইনিংছটো সজাই । বিশ্ব শ্ৰেষ্ঠ টিম ইণ্ডিয়াৰ বেটিং লাইন আপৰ সন্মূখত কেৰিবিয়ান দলটোৰ সকলো বলাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গল।

উক্ত খেল খনতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে উইকেট কিপাৰ বেটচমেন ৰিচভ পন্টৰ । তেওঁক ভাৰতীয় দলৰ টুপি প্ৰদান কৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। দৰ্শনীয় ইনিংছটোৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে অধিনায়ক বিৰাট কোহলীয়ে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Next Story