Begin typing your search above and press return to search.

গুৱাহাটীস্থিত চিবিআই কাৰ্য্যালয় ঘেৰাও কংগ্ৰেছৰ

গুৱাহাটীস্থিত চিবিআই কাৰ্য্যালয় ঘেৰাও কংগ্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 7:16 AM GMT

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটীস্থিত চিবিআই কাৰ্য্যালয়ত চিবিআইৰ সঞ্চালক আলোক বাৰ্মাক বাধ্যতামূলক ছুটী দিয়াৰ প্ৰতিবাদত ঘেৰাও কাৰ্য্যসুচী ৰূপায়ন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নৰেন্দ্ৰ মোডী নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে চিবিআই নিজৰ সুবিধাৰ মতে ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।কংগ্ৰেছ দলৰ দাবী চিবিআইক বিজেপিৰ ৰাজনৈতিক হাথিয়াৰত পৰিণত কৰিব বিচাৰিছে। চিবিআইৰ ওপৰত ‍বিজেপি দলৰ ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰাৰ প্ৰতিবাদ। ৰাফেল কেলেংকাৰী ঢাকিবলৈ বিজেপিৰ ষড়যন্ত্র।

২ কোটি উৎকোচ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ বাবে চি বি আইৰ সঞ্চালক আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আস্থানাক বাধ্যতামূলক ছুটী দিয়া হৈছে।ইতিমধ্যে চীল কৰা হৈছে দুৰ্নীতিৰ গোচৰত অভিযুক্ত আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ কাৰ্যালয়। চি বি আইৰ কাৰ্যালয়ত বিশেষ বিষয়াৰ বাহিৰে সকলো কৰ্মচাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

কিন্তু চৰকাৰৰ এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহবান জনাইছে আলোক বাৰ্মাই ।দুৰ্নীতিৰ গোচৰত নাম জড়িত হোৱাৰ বাবেই নাগেশ্বৰ ৰাৱতকৈ পদবীত জেষ্ঠ অতিৰিক্ত সঞ্চালক এ কে শৰ্মাক চি বি আইৰ অন্তৱৰ্তীকালীন সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ পৰা বিৰত থাকে চৰকাৰ । আই পি এছ বিষয়া ৰাকেশ আস্থানাৰ বিৰুদ্ধে ১৫ অক্টোবৰত চি বি আইয়ে ৰুজু কৰিছিল এক গোচৰ। বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত হৈছিল দুই কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ । মাংস ব্যৱসায়ী মৌইন কুড়েশীৰ গোচৰৰ অনুসন্ধানৰ নেতৃত্বত থকা ৰাকেশ আস্থানাক অনুসন্ধানত হেৰফেৰ কৰাৰ বাবেই দিয়া হৈছিল এই উৎকোচ ।

আস্থানাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পূৰ্বেই তেওঁৰ জেষ্ঠ বিষয়া আলোক বাৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল । সূত্ৰ অনুসৰি , আস্থানাই ২৪ আগষ্টতআলোক বাৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি কেবিনেট সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ।

চিবিআইৰ সঞ্চালক আলোক বাৰ্মাই জনোৱা আবেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে । ১০ দিনৰ ভিতৰত ন্যায়াধীশৰ পৰ্যবেক্ষণত চলাব লাগিব তদন্ত । অন্তৱৰ্তীকালীন চিবিআই সঞ্চালক নাগেশ্বৰ ৰাওৰ হাতত নাথাকিব কোনো ক্ষমতা । আলোক বাৰ্মাৰ বিৰদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰিবলৈ প্ৰথমে ১০ দিনৰ সময় দিছিল উচ্চতম ন্যায়ালয়ে । এটনেৰী জেনেৰেলক নিৰ্দেশ দিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

কাৰ্য্যসুচীত সভাপৰি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ক্ৰমে নিলমনি সেন ডেকা, অকণ বৰা, নুৰুল হুদা, ববিতা শৰ্মাকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকি মোডী চৰকাৰ বিৰুধী নানা শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

Next Story
চাকৰি