গুৱাহাটীৰ উজান বজাৰৰ পৰা অভিনেতাসহ ড্ৰাগচ ব্যৱসায়ৰ লগত জৰিত পাঁচজনক আটক আৰক্ষীৰ

গুৱাহাটীৰ উজান বজাৰৰ পৰা অভিনেতাসহ ড্ৰাগচ ব্যৱসায়ৰ লগত জৰিত পাঁচজনক আটক আৰক্ষীৰ
Published on

গুৱাহাটীৰ উজান বজাৰ চাৰিআলিৰ পৰা দেওবাৰে নিশা লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগচসহ পাঁচজন লোকক ৷ গ্ৰেপ্তাৰ হোৱা ড্ৰাগচ ব্যৱসায়ী কেইজনৰ লগত জৰিত লোককেইজনৰ লগত আছে, এজন চলচ্চিত্ৰ অভিনেতা । ড্ৰাগচ ব্যৱসায়ত জৰিত অভিনেতাজনৰ নাম নিৰেন শৰ্মা।

উজান বজাৰৰ সিদ্ধাৰ্থ এপাৰ্টমেন্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিৰেন শৰ্মাক ৷ অভিনেতা নিৰেন শৰ্মাৰ উপৰিও ড্ৰাগচ ব্যৱসায়ত জৰিত লোককেইজন হৈছে হিমাংশু হাজৰিকা,সিদ্ধাৰ্থ মেধী, মৰিগাঁৱৰ মহেন্দ্ৰ নাথ আৰু উজান বজাৰৰ ইব্ৰাহীম আলি। অন্যহাতে অভিনেতা নিৰেন শৰ্মাই হিয়া দিয়া নিয়া,যৌৱনে আমনি কৰে আদিকে ধৰি বহু ছবিত অভিনয় কৰিছিল।

উল্লেখ্য যে অভিনেতা তথা ড্ৰাগচ ব্যৱসায়ী নিৰেন শৰ্মাৰ বাসগৃহৰ পৰা ৮ টা মোৱাইল,৪০ টা ড্ৰাগছৰ বটল, ১১ টা ড্ৰাগচ ভৰ্তি বটল,দুটা চিলিম,এখন চুৰি আৰু কেইবাহাজাৰ টকা উদ্ধাৰ কৰে লতাশিল আৰক্ষীয়ে ৷ ইফালে মহানগৰীত সততে বৃদ্ধি হৈ থকা এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত প্ৰশাসনে কি অনাগত দিনত কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com