Begin typing your search above and press return to search.

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত দিল্লীলৈ যাত্ৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত দিল্লীলৈ যাত্ৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 9:55 AM GMT

১৫ মে’ত গুৱাহাটীৰ জু তিনিআলিত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছিল ৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ নিত্য নতুন তথ্যৰ পিছত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে। ইয়াৰ পিছত গৃহ মন্ত্ৰ্যালয়ে গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰা আলফাৰ কাৰ্যকলাপ যাতে বৃদ্ধি নহয় তাৰ কাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) দেওবাৰে নতুন দিল্লীলৈ ৰাওনা হৈছে । সোনোৱালে ২০ মে’ অৰ্থাৎ আজি দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিব ৷ অন্যহাতে জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা মুল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ পৰা বহু তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে ৷

আলফাৰ নতুন মিছন ছেভেন ছিষ্টাৰ্ছ ইউনাইটেড ফ’ৰামৰ সৈতে একাংশ বুদ্ধীজীৱীৰ সম্পৰ্কৰ কথাই সম্প্ৰতি তোলপাৰ লগাইছে ৰাজ্য ৷ গৃহমন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াক নিৰ্দেশ দিছে যে যিয়ে অভিযুক্ত সংগঠনৰ লগত সম্পৰ্ক ৰাখিব তেওঁক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব ৷

উল্লেখ্য যে জুৰোডত হোৱা গ্ৰেণেড বিস্ফোৰণত ১২ জন লোক আহত হৈছিল ৷ আৰু এই ঘটনা সন্দৰ্ভত পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি