গুৱাহাটীৰ ফাচী বজাৰত নষ্ট কৰে ৫১ কুইন্টল আমঃ দুজনক আটক

গুৱাহাটীৰ ফাচী বজাৰত নষ্ট কৰে ৫১ কুইন্টল আমঃ দুজনক আটক
Published on

মংগলবাৰে খাদ্য সুৰক্ষা বিভাগে গুৱাহাটীৰ(Guwahati)ফাচী বজাৰৰ ফল মূলৰ বজাৰৰ পৰা ৫১ কুইন্টল ঔষধ যুক্ত আম নষ্ট কৰে ৷ এই ঘটনাৰ লগত জৰিত পশ্চিম বংগৰ দুজন লোকক আটক কৰে যদিও, তিনিটা ব্যৱসায়ী ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ দৰাচলতে, এই বিষয়টো অতি সাধাৰণ যদিও এনেধৰণৰ ঔষধ যুক্ত ফলে মানুহৰ স্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাই।

এই প্ৰভাৱে কেন্সাৰ আৰু অন্যান্য ৰোগ হ’ব পাৰে ৷ইফালে খাদ্য সুৰক্ষা বিভাগে জব্দ কৰা আম সমূহ কৃত্ৰিম ভাৱে পুৰঠ কৰা ৷ যেতিয়া ফলমূল সমূহ পকিবলৈ এবিধ পদাৰ্থ ব্যৱহাৰ কৰা হয়,তেতিয়া যিকোনো ফল ক্ষিপ্ৰ গতিত পকিবলৈ ধৰে ৷এই ক্ষেত্ৰত হাইড্ৰ’কাৰ্বনৰ দৰে এচিটিলীন, এথিলীনৰ দৰে পদাৰ্থ ব্যৱহাৰ কৰা হয়।

অৱশ্যে কেলচিয়াম কাৰ্বাইড নামৰ এবিধ পদাৰ্থ ফল পকাবৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ কিন্তু, এই পদাৰ্থবিধ কেৱল ঔদ্যোগিকভাৱে ব্যৱহাৰ কৰিব পাৰে ৷ খাদ্য সুৰক্ষা বিভাগৰ অধিনিয়ম আইন ২০০৬ য়ে কেলচিয়াম কাৰ্বাইড ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ কৃত্ৰিম ৰূপেৰে পকোৱা আম সমূহ ভক্ষন কৰাৰ পিছত মানুহৰ ব’মিকে ধৰি বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷

লগতে কেন্সাৰৰ দৰে বিভিন্ন ৰোগ হ’ব পাৰে জনতাৰ ৷ উল্লেখ্য যে,ফাচী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা পশ্চিম বংগৰ দুজন ব্যৱসায়ী নিৰঞ্জন ৰয় আৰু শ্বেইখ নুৰুল ইছলামক ফাচী বজাৰৰ আৰক্ষী চকীত গতাই দিয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com