Begin typing your search above and press return to search.

গুৱাহাটীৰ বিস্ফোৰণৰ মুল অভিযুক্ত বিজয় অসমক লতাশিল থানাত হাজিৰ

গুৱাহাটীৰ বিস্ফোৰণৰ মুল অভিযুক্ত বিজয় অসমক লতাশিল থানাত হাজিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 8:29 AM GMT

গুৱাহাটীৰ জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণৰ মুল অভিযুক্ত বিজয় অসমক আজি লতাশিল থানাত হাজিৰ কৰা হয় । পুৱা প্ৰায় ৬ বজাত তিনিচুকীয়াৰ ডাঙৰীৰ পৰা লতাশিল থানালৈ লৈ অহা হয় আলফাৰ সদস্য জনক। বৰ্তমানেও লতাশিল থানাত জেৰা অব্যাহত ৰাখিছে বিজয় অসমক ।

বিজয় অসম ওৰফে পাপু ৰাজবংশী ইয়াৰ পূৰ্বেও কেইবাটাও গোচৰত অভিযুক্ত আছিল । গাড়ী চোৰৰ লগতে ২০১১ চনত এগৰাকী মহিলাক হত্যাৰ সন্দৰ্ভত গোচৰ আছে গুৱাহাটী বিস্ফোৰণৰ মুল অভিযুক্ত বিজয় অসমৰ বিৰুদ্ধে ।অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড লিষ্টৰ এজন হৈছে বিজয় অসম|

মংগলবাৰে বিয়লি প্ৰায় ৫ বজাত তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ তালাপ আউটপ’ষ্টৰ অন্তৰ্গত ডংগৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিজয় অসমক ৷জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত থকা নিৰাপত্তা ৰক্ষীলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিল বিজয় অসমে।

বিস্ফোৰণৰ পাছত বিভিন্ন স্থান সলনি কৰি পলাই ফুৰিছিল বুলি জানিব পৰা গৈছে ।গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰি বিজয় অসম নগাঁওৰ পুৰনিগুদামলৈ পলাই গৈছিল আলফাৰ আন এজন সদস্য ইন্দ্ৰ মোহন বৰাৰ সৈতে । পুনৰ পুৰনিগুদামৰ পৰা গোলাঘাটলৈ ট্ৰেভেলাৰ যোগেদি পলায়ন কৰে। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ হৈ ম্যানমাৰলৈ পলাই যোৱাৰ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰিছিল ।

গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰিবলৈ আলফা নেতা প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ লগত বিজয় অসমে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি সূত্ৰয়ে প্ৰকাশ কৰে । পাঞ্জাবাৰীৰ জাহ্নৱী শইকীয়াৰ বাসগৃহত বিজয় অসমে বাহৰ পাতিছিল । বৃহস্পতি বাৰে প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক পাঞ্জাবাৰীৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল ।এই বিস্ফোৰণত ১২ জন লোক আহত হৈছিল । ১২ জনৰ ২ জন এচ এচ বি জোৱান আৰু শিশুও আহত হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি