Begin typing your search above and press return to search.

গুৱাহাটী আইআইটিৰ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ

গুৱাহাটী আইআইটিৰ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2019 9:58 AM GMT

সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়েও বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলে বিধেয়ক খনৰ বিৰোধিতা কৰি অসমৰ জনসাধাৰণৰ পক্ষত থিয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী আইআইটিৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে মুখত ক'লা কাপোৰ পিন্ধি নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা এজন উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰই কয় যে এই প্ৰতিবাদে অসমৰ জনসাধাৰণৰ প্ৰতি দেশৰ অন্য প্ৰান্তৰ পৰা আহিব পৰা যিকোনো ভাবুকিৰ বিৰুদ্ধে থকা একতাক প্ৰতিফলিত কৰিছে। প্ৰতিবাদ কাৰী ছাত্ৰ-ছাত্ৰী সকলে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ মুখ্য প্ৰৱেশদ্বাৰত বহু সময়লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। সাংবাদিকৰ আগত প্ৰতিবাদকাৰী সকলে কয় যে গুৱাহাটীৰ আইআইটিৰ ছাত্ৰ সকলে কেতিয়াও অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে। চৰকাৰে এই বিধেয়ক বাতিল নকৰিলে ভবিষ্যতে অধিক তীব্ৰ আন্দোলন কাৰ্য্যসূচী গঢ়ি তোলা হব বুলি প্ৰতিবাদকাৰী সকলে কয়।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি