Begin typing your search above and press return to search.

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিন

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 8:14 AM GMT

শাৰদীয় দূৰ্গোৎসৱৰ বতৰ শেষ হ'ল, শেষ হ'ল ক্ৰিকেটৰ জ্বৰ। এতিয়া গুৱাহাটীত চলচ্চিত্ৰৰ বতৰ। কাৰণ বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে ২য় বাৰৰ বাবে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱক লৈ ওখল মাখল পৰিৱেশ এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত। উপস্থিত হব বহু দেশী বিদেশী চলচিত্ৰৰ খ্যাতনামা প্ৰযোজক, পৰিচালক আৰু নাট্যকৰ্মী।২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবেই আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন।এই চলচ্চিত্ৰ মহোৎসৱৰ বৃহস্পতি বাৰে সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিন। ৫০খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা মহোৎসৱত প্ৰদৰ্শিত হ’ব দেশী-বিদেশী ৫০টা ভাষাৰ মুঠ ১০৮খন ছবি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চাৰিটাকৈ প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনত আজিৰ দিনটোত প্ৰদৰ্শিত হ’ব মুঠ ২১খন ছবি। কেম্বদিয়া, ইৰান, ইণ্ডোনেছিয়া, লিথৱানিয়া, জৰ্জিয়া, ভিয়েটনাম, ইটালী, চাৰ্ভিয়া, অলবানিয়া, ম্যানমাৰ, হাংগেৰী, আৰ্জেণ্টিনাৰ ছবিৰ লগতে ৪খন ভাৰতীয় ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰে দুখন হৈছে অসমীয়া ভাষাৰ। বিদ্যুত কটকী পৰিচালিত শৈশৱতে ধেমালিতে আৰু মনোজ বৰুৱা পৰিচালিত এ ছিকৰেট ছাৰ্চ প্ৰদৰ্শিত হ’ব। শ্ৰীশংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত ব্যৱস্থা কৰা হৈছে ছবি প্ৰদৰ্শনৰ বাবে কেইবাটাও অস্থায়ী ছবিগৃহ । আনহাতে বৃহস্পতিবাৰে মুকলি অনুষ্ঠানত জাহ্নু বৰুৱাৰ ছবি ভঙা খিৰিকী প্ৰদৰ্শন কৰা হ'ব ।

Next Story
চাকৰি