Begin typing your search above and press return to search.

গুৱাহাটী আৰ জি বৰুৱা ৰোডত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত তদন্তকাৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী আৰ জি বৰুৱা ৰোডত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত তদন্তকাৰীৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2019 9:35 AM GMT

গুৱাহাটী (Guwahati) আৰ জি বৰুৱা ৰোডত হোৱা গ্ৰেণেড বিষ্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰ অনুসৰি,আলফাই সংঘটিত কৰা গ্ৰেণেড বিস্ফোৰণৰ সন্দৰ্ভত তদন্তকাৰীসকল এতিয়াওঁ সম্পূৰ্ণ তথ্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ৷

তদন্তকাৰীসকলৰ প্ৰাথমিক তদন্ত অনুসৰি এই ঘটনাতো আছিল এটি গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷কিন্তু বিস্ফোৰণৰ প্ৰকৃতিলৈ লক্ষ্য কৰি আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে বিস্ফোৰণ সংঘটিত কৰাটো ডিভাইছটো গ্ৰেণেড নাছিল । বৰঞ্চ এটা আ ই ডি আছিল ৷

উল্লেখ্য যে বিস্ফোৰণৰ সন্দৰ্ভত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ লগতে অন্যান্য কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি গ্ৰেণেড নিৰ্মাণ কৰা হৈছিল এক বিশেষ মেচিনৰ দ্বাৰা ৷ আৰু এইটো সহজে উপলব্ধ নহয়। অৱশ্যে, আইডি স্থানীয়ভাৱেও তৈয়াৰ কৰিব পাৰি ৷ কিন্তু সম্প্ৰতি তদন্তকাৰীসকলে এই ক্ষেত্ৰত কি ব্যৱস্থা হাতত ল’ব সেয়া হ’ব লক্ষ্যনীয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি