Begin typing your search above and press return to search.

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত পৰিধান কৰিলে ক'লা বেজ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত পৰিধান কৰিলে কলা বেজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2019 8:24 AM GMT

ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাই বৃহস্পতি বাৰে দৈনন্দিন দায়িত্বৰ মাজতে সময় উলিয়াই ৰোগী চোৱা চিতাৰ সমান্তৰাল ভাবে প্ৰতিবাদ সাব্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বিৰুদ্ধে।

কনিষ্ঠ চিকিৎসক সন্থাৰ বেনাৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সকলে ক'লা বেজ পৰিধান কৰি বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক দিগন্ত বুঢ়াগোহাইয়ে কয় যে প্ৰস্তাবিত বিধেয়ক খনে অসমত খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃস্তি কৰিব আৰু এই বিধেয়কখন গৃহীত কৰিলে অসমত খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হব। বুঢ়াগোহাইয়ে আকৌ কয় যে বিতৰ্কিত বিধেয়ক খন গৃহীত কৰিলে খিলঞ্জীয়া জনসাধাৰণৰ সংস্কৃতি, ইতিহাস, ভাষা আৰু অস্তিত্বৰ ওপৰত অন্য সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিব। এজন ডাক্তৰ হিচাপে খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষিত কৰাটো আমাৰ প্ৰধান কৰ্তব্য বুলি দিগন্ত বুঢ়াগোহাইয়ে মন্তব্য কৰে।

কনিষ্ঠ চিকিৎসক সন্থাই ইয়াৰ ইপৰিও চিকিৎসালয়ত থকা ৰোগী সকলৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে চাক্ষৰ সংগ্ৰহ কৰে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সকলৰ এই প্ৰচেষ্ঠাই সচেতন সমাজক উৎসাহী কৰি তুলিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Next Story
চাকৰি