গুৱাহাটী পালেহি কৰ্ণেল গোস্বামীৰ নশ্বৰদেহ

গুৱাহাটী পালেহি বিশিষ্ট লেখক, ৰাজনৈতিক বিশ্লেষক, বুদ্ধিজীৱি কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ নশ্বৰদেহ । গোপীনাথ বৰদলৈ আৰ্ন্তজাতিক বিমান বন্দৰৰ পোনে পোনে লৈ যোৱা হ'ল লালগণেশস্থিত নিজা বাসভৱনলৈ । পিতৃৰ মৃতদেহ লৈ আহিল বিশিষ্ট সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীসহ পৰিয়ালৰ লোকসকলে ।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, স্তম্ভলেখক আৰু দেশৰ প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ বৃহস্পতিবাৰে মাজনিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটিছিল ।
বৰঝাৰ বিমান বন্দৰতে শ্ৰদ্ধাঞ্জলী জনাই জিলা প্ৰশাসন আৰু আৰক্ষী আয়ুক্তই । আজি বিয়লি ভাগত ভূতনাথ শ্মশানত কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ।
মনোৰঞ্জন গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য আছিল আৰু ১৯৯৮ চনৰ লোকসভাৰ নিৰ্বাচনত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হাতত পৰাজিত হৈছিল ।