Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ মৰ্য্যদা আৰু অধিক উচ্চ কৰিব লাগিব: উপাচাৰ্য্য মৃদুল হাজৰিকা

গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ মৰ্য্যদা আৰু অধিক উচ্চ কৰিব লাগিব: উপাচাৰ্য্য মৃদুল হাজৰিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2019 10:54 AM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মৃদুল হাজৰিকাই বৃহস্পতি বাৰে বিশ্ববিদ্যালয় খনৰ প্ৰাক্তন উপাচাৰ্য্য আৰু প্ৰাক্তন পঞ্জীয়ক সকলক সন্মান জনোৱাৰ বাবে অনুষ্ঠিত কৰা এখন সভাত কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে আগন্তুক পাচ বছৰত নিজৰ বৰ্তমানৰ মৰ্য্যদা আৰু অধিক উচ্চ কৰিব লাগিব বুলি মন্তব্য কৰে।গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰে পৰা নব্বৈ দশক অতিক্ৰম কৰি বৰ্তমানৰ অৱস্থা লাভ কৰালৈ গুৱাহাটী বিশ্ববিদ্যালয়ে বহু পৰিবৰ্তনৰ সাক্ষী হৈ আছে। বিশ্ববিদ্যালয়ে প্ৰশাসনিক দিশত, শৈক্ষিক দিশৰ ক্ষেত্ৰত বিভিন্ন সংস্কাৰ সাধন কৰি বৰ্তমানৰ পৰ্য্যায়ত উপনীত হৈছে। সকলোৱে হৃদয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকাশৰ বাবে সপোন পুহি ৰাখি আবেগেৰে কাম কৰাৰ বাবে প্ৰতিষ্ঠা লাভৰ পিছত এখন সম্পুৰ্ণ পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্য্যদা লাভ কৰিছে।এই আবেগেৰে কাম কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে আগন্তুক পাচ বছৰত আৰু অধিক প্ৰগতি লাভ কৰিবলৈ সক্ষম হব বুলি মৃদুল হাজৰিকাই উল্লেখ কৰে।

হাজৰিকাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে বৰ্তমানৰ স্থিতি লাভ কৰাটো এক গৌৰবৰ বিষয়। এখন আধুনিক বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত বৰ্তমান সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা উপলব্ধ, এই পৰ্য্যায় একে দিনে লাভ কৰা সফলতা নহয় বহু দিন ধৰি কৰি অহা কষ্টৰ ফলতহে এই সফলতা প্ৰাপ্তি হৈছে। কোনো ব্যক্তি বিশেষে ব্যক্তিগত ভাবে ইয়াৰ কৃতিত্ব দাবী কৰিব নোৱাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভবিষ্যত বিকাশৰ বাবে কাৰ্য্যপন্থা সন্দৰ্ভত প্ৰাক্তন উপাচাৰ্য্য নিৰ্মল কুমাৰ চৌধুৰীয়ে কয় যে বিশ্ববিদ্যালয় এখনক উচ্চতম পৰ্য্যয়লৈ উন্নীত কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট পৰিকল্পনাৰ দৰকাৰ। এই পৰিকল্পনা অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ত ভবিষ্যতে স্নাতক পাঠ্যক্ৰমৰ বাবে সুকীয়া কেম্পাছৰ ব্যৱস্থা কৰিব লাগিব। তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীয়ে নিজৰ কেম্পাছৰ ভিতৰতে স্নাতক পাঠ্যক্ৰম আগবঢ়াই আহিছে। সেয়েহে দেশৰ ২০ খন পুৰণি বিশ্ববিদ্যালয়ৰ এখন হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়েও নিজৰ কেম্পাছৰ ভিতৰত স্নাতকোত্তৰ আৰু স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব লাগিব বুলি প্ৰাক্তন উপাচাৰ্য্য গৰাকীয়ে মন্তব্য কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠক খন নতুন আৰু পুৰণি সফলতাৰ কাহিনী সমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় নতুন নতুন উদ্ভাৱনৰ বিষয়ে সজাগ হৈ থাকিব লাগিব আৰু সেই পথ অনুযায়ী আগবাঢ়ি যাব লাগিব, এইদৰে মন্তব্য আগবঢ়াই আন এজন প্ৰাক্তন উপাচাৰ্য্য হীৰালাল দুৱাৰাই। প্ৰাক্তন উপাচাৰ্য্য গজেন্দ্ৰ নাথ তালুকদাৰ, প্ৰাক্তন পঞ্জীয়ক মহেশ চন্দ্ৰ ভূঞা, দীনেশ চন্দ্ৰ বৰুৱা, মহেশ চন্দ্ৰ ভূঞা, ৰামানন্দ দাস আৰু সুৰেশ কুমাৰ নাথেও বৈঠক খনত উপস্থিত থাকে। ৰাজনীতি বিজ্ঞান বিভাগৰ ননী গোপাল মহন্তই সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে। চলিত বৰ্ষত নাকৰ মূল্যায়ণৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে ভাল ফলাফল লাভ কৰিব বুলি সকলোৱে আশা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি