Begin typing your search above and press return to search.

গুৱাহাটী বিস্ফোৰণত জৰিত থকাৰ সন্দেহত গোলাঘাটত প্ৰাক্তন আলফা নেতা অমিত বল্লভ গোস্বামীক সোধপোছ

গুৱাহাটী বিস্ফোৰণত জৰিত থকাৰ সন্দেহত গোলাঘাটত প্ৰাক্তন আলফা নেতা অমিত বল্লভ গোস্বামীক সোধপোছ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 7:53 AM GMT

শুকুৰবাৰে গোলাঘাট আৰক্ষীয়ে আলফাৰ প্ৰাক্তন সদস্য অমিত বল্লভ গোস্বামীক গুৱাহাটী বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত সোধপোছ কৰে। গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অধিনত লক্ষিবাৰীৰ নিজা বাসগৃহৰ পৰা আটক কৰে অমিত বল্লভ গোস্বামীক । গুৱাহাটীৰ জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

গুৱাহাটী বোমা বিস্ফোৰণৰ অভিযুক্ত জাহ্নৱী শইকীয়াৰ লগত প্ৰাক্তন আলফা সদস্য অমিত বল্লভ গোস্বামীৰ ফোন যোগে যোগাযোগ কৰিছিল বুলি প্ৰকাশ কৰিছে । বোমা বিস্ফোৰণৰ লগত তেওঁ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । গোলাঘাট আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে । অমিত বল্লভ গোস্বামীয়ে আলফাত থকাৰ সময়ত বোমা প্ৰস্তুত কৰাৰ লগতে বিস্ফোৰক পদাৰ্থ তৈয়াৰ কৰিছিল ।

উল্লেখ্য যে যোৱা বছৰ চেপ্তেম্বৰ মাহত গোলাঘাট আৰক্ষী আৰু চি আৰ পি এফৰ ১৪২ বেটেলিয়ানৰ যৌথ অভিযানত আটক কৰিছিল । ২০০৮ চনত অমিত বল্লভ গোস্বামীয়ে আত্মসমৰ্পণ কৰাৰ লগতে তেওঁৰপৰা বৃহৎ সংখ্যক অস্ত্ৰসস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰিছিল আৰক্ষীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি