Begin typing your search above and press return to search.

গুৱাহাটী বোমা বিস্ফোৰণ: বিস্ফোৰণৰ ন ন তথ্য উদ্ঘাটন

গুৱাহাটী বোমা বিস্ফোৰণ: বিস্ফোৰণৰ  ন ন তথ্য উদ্ঘাটন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 8:49 AM GMT

আলফাৰ সদস্য বিজয় অসমে গুৱাহাটীৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ পাঞ্জাবাৰীৰ এটা ভাৰা ঘৰত আশ্ৰয় লৈ আছিল আৰু তাৰ পৰায়ে ১৫ মেৰ বোমা বিস্ফোৰণ সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বিজয় অসম ওৰফে পাপু ৰাজবংশী ওৰফে ৰজনী ওৰফে অন্দি অসম প্ৰকৃততে ডিব্ৰুগড় জিলাৰ বাসিন্দা আৰু এজন আলফাৰ সক্ৰিয় সদস্য, যোনে অসমৰ বিভিন্ন প্ৰান্তত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল । অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড লিষ্টৰ এজন হৈছে বিজয় অসম। গুৱাহাটীৰ জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণ সংঘটিত কৰাত বিজয় অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এই বিস্ফোৰণত ১২ জন লোক আহত হৈছিল । ১২ জনৰ ২ জন এচ এচ বি জোৱান আৰু শিশুও আহত হৈছিল ।

গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰিবলৈ আলফা নেতা প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ লগত বিজয় অসমে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি সূত্ৰয়ে প্ৰকাশ কৰে । পাঞ্জাবাৰীৰ জাহ্নৱী শইকীয়াৰ বাসগৃহত বিজয় অসমে বাহৰ পাতিছিল । বৃহস্পতি বাৰে প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক পাঞ্জাবাৰীৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল ।

গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰি বিজয় অসম নগাঁওৰ পুৰনিগুদামলৈ পলাই গৈছিল আলফাৰ আন এজন সদস্য ইন্দ্ৰ মোহন বৰাৰ সৈতে । পুনৰ পুৰনিগুদামৰ পৰা গোলাঘাটলৈ ট্ৰেভেলাৰ যোগেদি পলায়ন কৰে। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ হৈ ম্যানমাৰলৈ পলাই যোৱাৰ চেষ্টা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ।

২০১৮ চনত বিজয় অসম ম্যানমাৰৰ পৰা আলফাৰ আন এজন সদস্য ৰূপম অসমৰ সৈতে অসমত প্ৰবেশ কৰিছিল । ২০১৮ চনৰ দুৰ্গা পূজাৰ সময়ত পানবজাৰ অঞ্চলত সংঘটিত বিস্ফোৰণত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । তাৰ পিছত ডিচেম্বৰ মাহত পুনৰ ম্যানমাৰলৈ উভতি যায় আৰু চলিত বছৰৰ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহে । বিজয় অসম ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ অসমলৈ অস্ত্ৰ সৰবৰাহত জড়িত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি